দৰং জিলা সাহিত্য সভাৰ সদ্য বিদায়ী সম্পাদক গৌতমানন্দ গোস্বামীয়ে লাভ কৰিলে শ্ৰেষ্ঠ সংগঠকৰ বঁটা...

দৰং জিলা সাহিত্য সভাৰ সদ্য বিদায়ী সম্পাদক গৌতমানন্দ গোস্বামীয়ে লাভ কৰিলে শ্ৰেষ্ঠ সংগঠকৰ বঁটা...

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সম্পাদক হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত গৌতমানন্দ গোস্বামীয়ে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গোস্বামীৰ সফলতাত জিলা খনৰ সাহিত্য অনুৰাগী ব্যক্তি সকলক বিশেষ ভাৱে উৎসাহিত কৰাৰ লগতে সাধাৰণ ৰাইজে আনন্দ প্ৰকাশ কৰিছে।

এগৰাকী সফল সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা গোস্বামীৰ নেতৃত্বত দৰং জিলা সাহিত্য সভাই অসম সাহিত্য সভাৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ পত্ৰিকাৰ বঁটা, সংখ্যালঘু বসতি প্ৰধান অঞ্চল সামৰি ৪ টা নতুন শাখা গঠন, ৪৩ খন মূল্যৱান গ্ৰন্থ প্ৰকাশ, ৫ টা কেন্দ্ৰীয় কাৰ্যসূচীৰ সফল ৰূপায়ণ, স্বৰ্ণ শাখা আৰু শতদল শাখা ৩৩ টালৈ বৃদ্ধি, দুখন বিশেষ বাৰ্ষিক আৰু দ্বি-বাৰ্ষিক অধিৱেশনৰ সফল আয়োজন, ১০০০ৰো অধিক আজীৱন সভ্য ভৰ্তি, জিলা সভাৰ আভ্যন্তৰীণ বিষয়ত সততে উত্থাপিত অভিযোগ নাইকিয়া কৰা আৰু বিত্তীয় শৃংখলা ঘূৰি অহা, সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ বৃহৎ কৰ্মসূচী গ্ৰহণ, শাখা সভাসমূহৰ কাম-কাজ তৰান্বিত কৰি সাংগঠনিক ভাৱে নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।

১৯৮৪ চনত হাজৰিকাপাৰা সাহিত্য সভাৰ সদস্য হিচাপে যোগদান কৰি ২০১৩-১৫ আৰু ২০১৫-১৮ বৰ্ষত দুটা কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে সম্পাদক নিৰ্বাচিত হৈ শাখাৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী ৰূপায়ণ, জিলা সভাৰ পৰা শ্ৰেষ্ঠ শাখাৰ বঁটা আৰু সাধনা শাখা সাহিত্য সভাই প্ৰদান কৰা শ্ৰেষ্ঠ পত্ৰিকাৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হয়। ১৯৮৯ চনত সাপ্তাহিক মঙ্গল বাতৰি কাকতত আৰ্হি কাকত চাওঁতা, পিছলৈ সহকাৰী সম্পাদক, ভাৰপ্ৰাপ্ত সম্পাদক, বৰ্তমানে সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা গোস্বামীয়ে ১৯৯১ চনৰ পৰা ২০০৪ চনলৈ অধুনালুপ্ত নতুন দৈনিক কাকতৰ মঙলদৈৰ সংবাদদাতা, সাপ্তাহিক নাগৰিক কাকতৰ উপ সম্পাদক, সাংবাদিকৰ সংগঠন "আপকু"ৰ জিলা সম্পাদক, সংবাদ সাহিত্য চ'ৰাৰ সহকাৰী সম্পাদক, ১৯৯৭ বৰ্ষত দৰং জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আহিছে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ এগৰাকী সমল ব্যক্তি হিচাপে সফলতা অৰ্জন আৰু দৰঙৰ সমাজ জীৱনৰ ওতঃপ্ৰোতভাৱে জড়িত গোস্বামী মঙলদৈস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান নৰ্থ ইষ্ট চেণ্টাৰ ফৰ অল ৰাউণ্ড ডেভেলোপমেণ্ট (কাৰ্ড) ৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in