নিৰ্বাচনী হিংসা ! তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা...

নিৰ্বাচনী হিংসা ! তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা...
নিৰ্বাচনী হিংসা ! তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা...

ডিজিটেল ডেস্কঃ নিৰ্বাচনী হিংসাই যেন লগ এৰিব নিবিচাৰে পশ্চিমবংগক। ৰাজ্যখনত বিগত বিধানসভাৰ নিৰ্বাচনৰ আগে, পিছে বহু কেইটা হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

সেই ধাৰাবাহিকাত ৰক্ষা কৰি পুনৰ ৰাজ্যখনত সংঘটিত হৈছে আন এক নিৰ্বাচনী হিংসা। উল্লেখ্য যে, পশ্চিমবংগত সমাগত পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনৰ পূৰ্বে এগৰাকী তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

কালি নিশা ৰাজ্যখনৰ দক্ষিণ ২৪ পৰাগনাত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাৰ বলিহোৱা তৃণমূল কংগ্ৰেছৰ নেতাগৰাকী অন্ধৰমনিক গাঁও পঞ্চায়তৰ ২১৮ আৰু ২১৯ নম্বৰ বুথৰ সভাপতি সাধন মণ্ডল। আৰক্ষীৰ ভাষ্য অনুসৰি তিনি বাইক আৰোহীয়ে হত্যা কৰিছিল সাধন মণ্ডলক।

যিসময়ত সাধন মণ্ডলক হত্যা কৰা হৈছিল সেই সময়ত তেওঁ এখন চাহৰ দোকানত চাহ খাই আছিল। ফলত থিতাতে নিহত হয় সাধন মণ্ডল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ মতে পেচাদাৰী হত্যাকাৰীয়ে সংঘটিত কৰিলে এই হত্যাকাণ্ড।

নিৰ্বাচনী হিংসা ! তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা...
ঢকুৱাখনাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ সন্মিলিত প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in