ঢকুৱাখনাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ সন্মিলিত প্ৰতিবাদ...

ঢকুৱাখনাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ সন্মিলিত প্ৰতিবাদ...
ঢকুৱাখনাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ সন্মিলিত প্ৰতিবাদ...

ডিজিটেল সংবাদ ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ বিদ্যালয় চামিলকৰণ নীতিৰ বিৰুদ্ধে  এইবাৰ সোচ্চাৰ হৈ উঠিছে শিক্ষক, শিক্ষাৰ্থী আৰু অভিভাৱক ৰাইজ।  জনস্বাৰ্থৰ বিৰোধিতাৰে শিক্ষাৰ্থী সকলৰ প্ৰতি চূড়ান্ত অবিচাৰ কৰি শিক্ষা বিভাগে গ্ৰহণ কৰা এই বিদ্যালয় চামিলকৰন নীতি কোনোপধ্যেই মানি নোলোৱাৰ সকীয়নীৰে সোমবাৰে ঢকুৱাখনাত ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হয়। 

জানিব পৰা মতে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত বৰকলীয়া অঞ্চলত ১৯৯১ চনতে প্ৰতিষ্ঠা হোৱা স্বৰ্গেশ্বৰ পেগু মধ্য ইংৰাজী বিদ্যালয়খন শিক্ষা বিভাগে পাতৃচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত চামিলকৰণ কৰাৰ নিৰ্দেশ দিয়াৰ পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়া কাৰ্যকৰী হৈছিল। শিক্ষা বিভাগৰ এই টোঘলকী সিদ্ধান্তৰ বিৰুদ্ধে বহুবাৰ বিদ্যালয় পৰিচালনা সমিতি, অভিভাৱক ৰাইজে শিক্ষা বিভাগক ৰাজহুৱা দাবী জনাই এই ক্ষয়ঙ্কৰী সিদ্ধান্ত বাতিল কৰি পূৰ্বৰ স্থানতে বিদ্যালয়খন থকাৰ সু-ব্যৱস্থা কৰাৰ দাবী  জনাই আহিছিল ।

কিন্তু শিক্ষা বিভাগৰ এইক্ষেত্ৰত গুৰুত্বহীন আৰু অমনোযোগী ভূমিকাৰ বাবে আজি পৰ্যন্ত বিদ্যালয়খন পূৰ্বৰ স্থানলৈ উভতি অহাতো সম্ভৱ নহ'ল। যাৰ পৰিণতিত বৃহত্তৰ অঞ্চলটোৰ বৰকলীয়া,দদিং, ৰূপহী, ৰাউনাবাৰী আৰু মাজ পাতৃচুক আদি গাঁৱৰ  শিক্ষাৰ্থীসকলে দৈনিক ৰ'দে, বৰষুণে প্ৰায় ৫ কিলোমিটাৰ দূৰ অতিক্রমী বিদ্যালয়লৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।

ৰাইজৰ স্পষ্ট দাবী-  যোৱা তিনিটা দশক ধৰি গ্ৰামাঞ্চলিয় এলেকাত গুণগত শিক্ষাৰ পোহৰ বিলাই অহা এই মজলীয়া বিদ্যালয়খন পাতৃচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সতে সংলগ্ন কৰা কাৰ্য মানি লোৱা নহ'ব। বাৰম্বাৰ এই দাবী শিক্ষা বিভাগক অৱগত কৰি অহাৰ পাছতো গুৰুত্ব আৰোপ নকৰা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজ ,অভিভাৱক ,শিক্ষক আৰু শিক্ষাৰ্থীসকলে।

বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ শিক্ষা বিভাগৰ অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ সাব্যস্ত কৰে গণ প্ৰতিবাদ। " আমাক আমাৰ বিদ্যালয় ঘূৰাই দিয়ক, স্বৰ্গেশ্বৰ পেগু মধ্য ইংৰাজী বিদ্যালয়খন পূৰ্বৰ স্থানলৈ ঘূৰাই পথাওক , পাতৃচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত চামিলকৰণ মানি লোৱা নহ'ব" আদি শ্লোগান দি বিদ্যালয় চৌহদ উত্তাল কৰি তোলে শিক্ষক অভিভাৱক শিক্ষাৰ্থীসকলে। 

ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে বিদ্যালয় চামিলকৰণ নীতিৰ তীব্ৰ বিৰোধিতা কৰি পূৰ্বৰ  বিদ্যালয় গৃহলৈ বিদ্যালয়খন তৎকালে উভতাই পঠাবলৈ শিক্ষা বিভাগক দাবী জনাইছে। অন্যথাই ধাৰাবাহিক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰো সকীয়নী প্ৰদান কৰিছে ।

ঢকুৱাখনাত শিক্ষক, শিক্ষাৰ্থী, অভিভাৱকৰ সন্মিলিত প্ৰতিবাদ...
গুৱাহাটী পালেহি এম ভি গংগা বিলাস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in