চিকাগোত অসমীয়া ভাষাৰ বিশ্বজনীন যাত্রা

কার্যবাহী প্রযোজক শ্রুতি জৈন আৰু টুনা গৌতমে পৰিচালনা কৰা তথ্যচিত্ৰখনৰ ধাৰাভাষ্যকাৰ হলিউড-বলিউডৰ প্ৰখ্যাত অভিনেতা আদিল হুচেইন আনহাতে পণ্ডিতজনাই ৰচনা কৰা প্ৰথম অসমীয়া ছ'নেট প্রিয়তমাৰ চিঠিৰ কিয়দাংশ আকর্ষণী তথা শ্রুতি মধুৰ ৰূপত আবৃত্তি কৰিছে জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে।

author-image
Asomiya Pratidin
New Update
চিকাগোত অসমীয়া ভাষাৰ বিশ্বজনীন যাত্রা

ডিজিটেল ডেস্কঃ পণ্ডিত হেমচন্দ্র গোস্বামী ন্যাসৰ উদ্যোগত অসমীয়া ভাষাৰ বিশ্বজনীন যাত্রা অর্থাৎ বিশ্ব দৰবাৰত অসমীয়া ভাষাক প্রতিষ্ঠা কৰাৰ এক বিশেষ পদক্ষেপক সকৰাত্মক ৰূপ দিয়াৰ উদ্দেশ্যে পণ্ডিতজনাৰ জীৱন ভিত্তিক তথ্যচিত্র The Greatest legendary scholar from Assam Pandit Hemchandra Goswami (দা গ্রেটেষ্ট লিজেন্ড্রী স্কলাৰ ফ্ৰম আছাম পণ্ডিত হেমচন্দ্র গোস্বামী) আমেৰিকাৰ চিকাগো চহৰত যোৱা ১০ মার্চত Buffalo Grove District Community Centre-ত এক বিশেষ প্রদর্শনী অনুস্থান অনুস্থিত কৰে।

Advertisment

অনুস্থানটিত উপস্থিত থাকে চিকাগোৰ Consulate General of India সোননাথ ঘোষ আৰু তেওঁৰ পত্নী অনিন্দিতা ঘোষ, বিশিষ্ট শিক্ষাবিদ (এসময়ৰ অসমৰ তেজপুৰ নিবাসী) নর্থ-বেষ্টার্ণ ইউনিভাৰচিটিৰ প্ৰাক্তন ডীন দীপক জৈন আৰু পণ্ডিত জনাৰ সুযোগ্য নাতি তথা তথ্যচিত্ৰখনৰ মূখ্য প্রযোজক ডাঃ নৱ গোস্বামী। কার্যবাহী প্রযোজক শ্রুতি জৈন আৰু টুনা গৌতমে পৰিচালনা কৰা তথ্যচিত্ৰখনৰ ধাৰাভাষ্যকাৰ হলিউড-বলিউডৰ প্ৰখ্যাত অভিনেতা আদিল হুচেইন আনহাতে পণ্ডিতজনাই ৰচনা কৰা প্ৰথম অসমীয়া ছ'নেট প্রিয়তমাৰ চিঠিৰ কিয়দাংশ আকর্ষণী তথা শ্রুতি মধুৰ ৰূপত আবৃত্তি কৰিছে জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গে।

সাতচল্লিশ মিনিট দৈৰ্ঘৰ তথ্যচিত্ৰখন চিকাগোৰ প্রৱাসী অসমীয়াসকলৰ উপৰিও বহু সংখ্যক অনা অসমীয়া লোকে পণ্ডিতজনাৰ কৰ্মৰাজি চাই আপ্লুত হৈ পৰে। অনুস্থানৰ শেষত ডাঃ নৱ গোস্বামীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিশ্ব দৰবাৰলৈ নিয়া এনে যাত্রা সফল কৰি তুলিবলৈ প্রৱাসী অসমীয়াসকলক আহ্বান জনায়।

Also Read: নামৰূপ সোণাৰীত ক্ল'ক টাৱাৰ স্থাপন

hemchandra goswami chicago