/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e3c8e85c-478e-4bad-a598-7557f9c3eebd/3.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ অসমৰ অগ্ৰণী উদ্যোগ প্ৰতিষ্ঠান অসম পেট্ৰকেমিকেলচ লিমিটেড আৰু অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ পৃষ্ঠোপোষকতাত নামৰূপ সোণাৰী তিনিআলিত স্থাপন হোৱা ঘড়ী স্তম্ভৰ দেওবাৰে নিশা ৭ বজাত শুভ উদ্ধোধন কৰা হয়। ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ শ্ৰম আৰু নিযুক্তি মন্ত্ৰণালয়ৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উক্ত ঘড়ী স্তম্ভটো শুভ উদ্ধোধন কৰে।
এই উপলক্ষে আয়োজন কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিধায়ক তৰংগ গগৈ, বিভিএফচিএল ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ বনিক, এ পি এলৰ ক্ৰমে পৰিচালন সঞ্চালক ৰাজনিশ গগৈ,অধ্যক্ষ বিকুল্ ডেকা , উপাধ্যক্ষ হেমন্ত গগৈ , নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মহা প্ৰবন্ধক যদু প্ৰাণ গগৈ , নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দুৰ্গা প্ৰসাদ গগৈ, নাহৰটীয়াৰ ৰাজহ চক্ৰ বিষয়া শৰত গগৈ, অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা প্ৰশান্ত ফুকন, বি ভি এফ চি এল ৰ ক্ৰমে বিত্ত সঞ্চালক সুভাষ দাস , উপ মহা প্ৰবন্ধক অৰুণ কুমাৰ , পংকজ গগৈ , এ পি এলৰ বিত্ত সঞ্চালক পি কে প্ৰসাদ, নামৰূপ পৌৰ সভাৰ পৌৰপতি কে মুখ্য কৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
সভাত আদৰণী ভাষণ প্ৰদান কৰি এ পি এলৰ অধ্যক্ষ বিকুল ডেকাই কয় যে ২০২১ চনত অসম পেত্ৰকেমিকেল লিমিটেডে সোণালী জয়ন্তী বৰ্ষ সম্পূৰ্ণ কৰে। সোণালী জয়ন্তী সমাৰোহতে সংকল্প লোৱা উক্ত ঘড়ী স্তম্ভ স্থাপনৰ কাম সম্পূৰ্ণ হ'ল আৰু এই পবিত্ৰ ক্ষণত নামৰূপ বাসী ৰাইজলৈ উক্ত স্মাৰক উচৰ্গা কৰা হ'ল। এই স্তম্ভ নিৰ্মাণৰ বাবে অসম পেট্ৰকেমিকেল লিমিটেডে ২৫ লাখ টকা ব্যয় কৰাৰ লগতে লোক নিৰ্মাণ বিভাগৰ পৰা ১২ লাখ টকা ব্যয় কৰা হয়।
এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা নাহৰকটীয়া সমষ্টিৰ যুব বিধায়ক তৰংগ গগৈয়ে কয় যে তেওঁ বিধায়ক হোৱাৰ পিছত সমষ্টিৰ চুকে কোনে জিলিকাবলৈ , নামৰূপখনক জিলিকাই তুলিবলৈ, পৰিকল্পিত ভাৱে চহৰ নিৰ্মাণ কৰিবলৈ বহু পদক্ষেপ লোৱা হৈছে। বৰ্ত্তমান নামৰূপৰ পূৰ্বৰ ছবি নাই। বাট পথ নিৰ্মাণ হৈছে, সমগ্ৰ চহৰখনত নলা নৰ্দমা নিৰ্মাণ হৈছে আৰু বহুতো পৰিকল্পনা আছে। ইয়াৰ বাবে ৰাইজৰ সহযোগিতাও কামনা কৰে বিধায়কগৰাকীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়েও বক্তব্যত তেওঁৰ কৰ্ম সূচীৰ বিস্তৃত বৰ্ণনা দিয়ে। শেষত শলাগৰ শৰাইৰে সভাৰ সামৰণি পৰে।