"ধন্যবাদ, হিন্দুস্তান": ভাৰতীয় সেনালৈ ধন্যবাদসূচক পত্ৰ তুৰস্কৰ গৃহহীনৰ

"ধন্যবাদ, হিন্দুস্তান": ভাৰতীয় সেনালৈ ধন্যবাদসূচক পত্ৰ তুৰস্কৰ গৃহহীনৰ

ডিজিটেল ডেস্ক : তুৰস্কৰ বিধ্বংসী ভূমিকম্পই নিমিষতে চাৰখাৰ কৰি পেলাইছিল লক্ষাধিক লোকৰ জীৱন । ধ্বংসস্তূপৰ মাজত এতিয়াও আৱদ্ধ সহস্ৰাধিক লোক । পৃথিৱীৰ প্ৰায় প্ৰত্যেক খন দেশেই ইতিমধ্যে প্ৰেৰণ কৰিছে নিজা নিজা উদ্ধাৰকাৰীৰ দল, অত্যাৱশ্যকীয় সাহায্য । এই সকলোৰে মাজত সকলোতকৈ প্ৰথমে সহায়ৰ হাত আগবঢ়াইছিল ভাৰতে । দুৰ্ঘটনাৰ কিছু সময়ৰ ভিতৰতেই তুৰস্ক আৰু ছিৰিয়ালৈ উৰা মাৰিছিল ভাৰতীয় সেনা আৰু চিকিৎসকৰ দল ।

ইতিমধ্যে তুৰস্কৰ হাটায় অঞ্চলত ভাৰতীয় সেনাই অস্থায়ীভাৱে নিৰ্মাণ কৰিছে এখন ফিল্ড চিকিৎসালয় আৰু অব্যাহত ৰাখিছে চিকিৎসা সেৱা । ৬ ঘন্টাতকৈও কম সময়ত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰি দিনটোৰ প্ৰতি মূহুৰ্ততে আগবঢ়াইছে দুৰ্গত জনলৈ চিকিৎসা সেৱা ।

উল্লেখ্য যে, তুৰস্কৰ বহু প্ৰদেশত বৰ্তমানৰ তাপমান শূণ্য ডিগ্ৰীতকৈও তলত । তেনে অঞ্চলসমূহতো ভাৰতীয় সেনাই দিনে নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান । ৯৬ জনীয়া এক ভাৰতীয় সেনাৰ দল বৰ্তমান তুৰস্কৰ ৬০ পেৰা ফিল্ডৰ পথাৰত অস্থায়ী চিকিৎসা শিবিৰটোৰ সৈতে ব্যস্ত । য'ত এতিয়ালৈ ৮০০ৰো অধিক লোকৰ চিকিৎসা ব্যৱস্থা কৰা হৈছে ।

ভাৰতীয় সেনাৰ এই নিস্বাৰ্থ সেৱাই এতিয়ামন মুহিছে তুৰস্কৰ লোকৰ । যাৰ বাবে এক পত্ৰযোগে ভাৰতীয় সেনালৈ প্ৰেৰণ কৰিলে এক বাৰ্তা । পত্ৰখনিত লিখা আছিল, " ধন্যবাদ, হিন্দুস্তান" ।

নিজৰ বাসগৃহ, পৰিয়াল সকলো হেৰুৱাইও কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পাহৰা নাই এই সকল দুৰ্ভগীয়া লোকে । প্ৰতিপদে ছাঁটোৰ দৰে কাষতে থাকি সহায় আগবঢ়োৱা সকলোলৈ এইদৰে কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰ এবাৰ মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে দুয়োপক্ষই ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in