মিত্ৰজোঁটত সংঘাতৰ কথা অস্বীকাৰ নলিন কোহলীৰ...

মিত্ৰ এনডিপিপিৰ সৈতে নিৰ্বাচনত জয়ী হোৱাৰ আত্মবিশ্বাসী বিজেপি
মিত্ৰজোঁটত সংঘাতৰ কথা অস্বীকাৰ নলিন কোহলীৰ...

ডিজিটেল সংবাদ, বেকাজানঃ অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা চতুৰ্দশ নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে। এনডিপিপিৰ সৈতে মিত্ৰতা কৰি নাগালেণ্ডত ক্ষমতা ঘূৰাই অনাৰ আস্থা প্ৰকাশ কৰে বিজেপিয়ে। শনিবাৰে এক সংবাদ মেলত দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা নাগালেণ্ডৰ প্ৰভাৰী নলিন কোহলীয়ে কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডলৈ অনা উন্নয়নমূলক কাম আৰু নাগালেণ্ডত বিজেপি-এনডিপিপি মিত্ৰজোঁটে কৰা কামৰ ওপৰত আস্থা প্ৰকাশ কৰে।

চুমুকেডিমাত অনুষ্ঠিত সংবাদমেলত তেওঁ নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আলং লংকুমাৰৰ সৈতে যৌথভাৱে সম্বোধন কৰে। কোহলীৰ মতে, দিল্লীত প্ৰধান নৰেন্দ্ৰ মোডী আৰু নাগালেণ্ডত নেইফিউ ৰিঅ’ক মুখ্যমন্ত্ৰী হিচাপে লৈ বিজেপি-এনডিপিপি মিত্ৰজোঁটক পুনৰ ডাবল ইঞ্জিন চৰকাৰৰ ভাল কাম অব্যাহত ৰাখিবলৈ নাগালেণ্ডৰ জনসাধাৰণে আশীৰ্বাদ দিব।

ইফালে কোহলীয়ে কয় যে নাগালেণ্ডত প্ৰকৃত নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে । প্ৰাৰ্থী প্ৰত্যাহাৰ শেষ হোৱাৰ লগে লগে আৰু বিজেপিয়ে ৩১ নং আকুলুটো সমষ্টিৰ পৰা আজেটো কিনিমিক বিজয়ী ঘোষণা কৰা হৈছিল। তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে চতুৰ্দশ নাগালেণ্ড বিধানসভালৈ নিৰ্বাচিত প্ৰথমজন বিধায়ক । তেওঁ কয় যে নিৰ্বাচনৰ বাবে বিজেপিৰ এজেণ্ডা উন্নয়ন কেন্দ্ৰীক আৰু অতি সোনকালে দলৰ উন্নয়নৰ দৃষ্টিভংগী জনসাধাৰণৰ সন্মুখলৈ আহিব আহিব।

কোহলিয়ে কয় যে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ নেতৃত্বত দলৰ শীৰ্ষ নেতাসকলৰ লগতে ইয়াৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাব। ইফালে ৯ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশাই চাৰ্টাড বিমানেৰে চুমুকেডিমা ভ্ৰমণ কৰাক বিজেপি-এনডিপিপিৰ মিত্ৰজোঁটত মাজত সংঘাতৰ সন্দেহৰ সৃষ্টি কৰিছিল।

কোহলীয়ে অৱশ্যে ইয়াক জল্পনা-কল্পনা বুলি মন্তব্য কৰে । তেওঁৰ মতে, উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁটৰ অধ্যক্ষ হিচাপে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’কে ধৰি অঞ্চলটোৰ বহু ভিন্ন নেতাৰ সৈতে ভাল সম্পৰ্ক আছে। তেওঁ কয় যে, শৰ্মাৰ এই ভ্ৰমণ দলৰ নিৰ্বাচনী প্ৰচাৰৰ সৈতে জড়িত ধাৰণা আৰু বিষয়সমূহৰ ওপৰত আছিল । দলত সংকট বা সংঘাত হোৱাটো তেওঁ সম্পূৰ্ণৰূপে নাকচ কৰে। মিত্ৰতা শক্তিশালী হৈ আছে আৰু ২০:৪০ অনুপাতত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in