নিজৰেই মৃত্যুৰ ভুৱা অভিনয়েৰে কাৰাগাৰৰ পৰা পলায়ন বলাৎকাৰীৰ

নিজৰেই মৃত্যুৰ ভুৱা অভিনয়েৰে কাৰাগাৰৰ পৰা পলায়ন বলাৎকাৰীৰ

ডিজিটেল ডেস্ক : কাৰাগাৰ, চেলিব্ৰেটি প্ৰেমিকা আৰু দেশত্যাগ । সম্পূৰ্ণৰূপে যেন এক মছলাধৰ্মী ব্যৱসায়িক বোলছবি হে । কিন্তু এই ঘটনা সত্যলৈ ৰূপান্তৰিত কৰি বিগত এবছৰে মুক্ত মনেৰে বিচৰণ কৰি ফুৰিছে এটা অপৰাধীয়ে ।

এই অপৰাধীটোৰ নাম থাবো বেষ্টাৰ । দক্ষিণ আফ্ৰিকাৰ এই অপৰাধীটোক বিহা হৈছিল আজীৱন কাৰাদণ্ডৰ শাস্তি । বলাৎকাৰ আৰু হত্যাৰ অপৰাধত অভিযুক্ত অপৰাধীটোৱে ২০১১ চনৰ পৰা ২০২২ চনলৈ ঠিকেই কাৰাবন্দী হৈ থাকিল কিন্তু ২০২২ চনত হঠাৎ কাৰাগাৰৰ ভিতৰত সংঘটিত এক দুৰ্ঘটনাত মৃত্যু হ'ল অপৰাধীটোৰ । কাৰাগাৰ কৰ্তৃপক্ষই নিয়মমাফিক আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে । সকলোখিনি সুকলমে হৈ গ'ল ইয়ালৈকে ।

কিন্তু প্ৰায় এবছৰ পাছত আকৌ দেখা গ'ল থাবো বেষ্টাৰক । এইবাৰ লগত সংগীৰূপে আছিল চেলিব্ৰেটি এগৰাকী । সকলো আচৰিত । মৃত্যু হোৱা লোক জানো পুনৰ উভতি আহিব পাৰে ! থাবোক পুনৰ আটক কৰা হ'ল । তদন্তৰ পাছতহে ওলাল ওৰহী গছৰ ওৰ ।

২০১০ চনত থাবোক আটক কৰা হৈছিল বলাৎকাৰ আৰু হত্যাৰ অভিযোগত । আজীৱন কাৰাদণ্ড বিহা থাবোই কাৰাগাৰখনক নিজৰ সাম্ৰাজ্য বনাই পেলালে অতি সহজেই । তাৰ পাছতেই ৰচিলে এক ভয়ংকৰ পৰিকল্পনা । নিজৰেই মৃত্যুৰ ভুৱা বাতৰি বিয়পাই দিলে কাৰাগাৰত ।

এই ক্ষেত্ৰত থাবোক সহায় কৰিলে কিছুদিন পূৰ্বে কাৰাগাৰৰ ভিতৰতেই অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰা আন এগৰাকী কাৰাবন্দীৰ মৃতদেহে । সেইটোৱেই থাবো বুলি প্ৰচাৰ হোৱাৰ পাছত থাবোৰ পৰিয়ালৰ লোকক চমজাই দিয়া হ'ল মৃতদেহটো । সেই হুৱা-দুৱাৰ মাজতেই পলায়ন থাবোৰ ।

পৰিয়ালৰ লোকক পূৰ্বেই জনাই থৈ দিয়া হৈছিল এই পৰিকল্পনা । সম্পূৰ্ণ চিনেমাৰ কায়দাৰে পলায়ন কৰি আত্মগোপন কৰিলে থাবোই । কিন্তু অৱশেষত নিজৰ নতুন প্ৰেমিকাৰ সৈতে দক্ষিণ আফ্ৰিকাৰেই আন এক অঞ্চলত ধৰা পৰিল থাবো । তাৰ পিছতেই পোহৰলৈ আহিল ন ন তথ্য । অৱশ্যে এতিয়াও অব্যাহত আছে তদন্ত । সময়ত পোহৰলৈ আহিব আন আন কাহিনীও ।

নিজৰেই মৃত্যুৰ ভুৱা অভিনয়েৰে কাৰাগাৰৰ পৰা পলায়ন বলাৎকাৰীৰ
৬০০৩.৬৫ কোটি টকাৰ বাজেটঃ কি হয় ৰাষ্ট্ৰীয় কোৱান্টাম মিছন, জানক সৱিশেষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in