৬০০৩.৬৫ কোটি টকাৰ বাজেটঃ কি হয় ৰাষ্ট্ৰীয় কোৱান্টাম মিছন, জানক সৱিশেষ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ খনে দেশৰ প্ৰগতি তথা বিকাশৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে।

author-image
Asomiya Pratidin
New Update
৬০০৩.৬৫ কোটি টকাৰ বাজেটঃ কি হয় ৰাষ্ট্ৰীয় কোৱান্টাম মিছন, জানক সৱিশেষ...

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰ খনে দেশৰ প্ৰগতি তথা বিকাশৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি তথ্য-প্ৰযুক্তি, সকলো ক্ষেত্ৰতে বহু ব্যৱস্থা গ্ৰহণ কৰি আহিছে চৰকাৰে।

Advertisment

ইয়াৰ মাজতে ১৯ এপ্ৰলিত নৰেন্দ্ৰ মোডী চৰকাৰে কম্পিউটাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ 'ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছন'ত অনুমোদন জনায়। কেবিনেটত ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ প্ৰস্তাৱ বুধবাৰে গৃহীত হয়।

এই মিছনৰ বাবে চৰকাৰে ২০২৩-২৪ বৰ্ষৰ ৰা ২০৩০-৩১ বৰ্ষলৈ ৬০০৩.৬৫ কোটি টকাৰ বাজেট ঘোষণা কৰিছে। এই কোৱান্টাম পদ্ধতিৰ দ্বাৰা সামান্য কম্পিউটাৰৰ পৰা পৰা অধিতকৈ অধিক ডাটা বা তথ্য কম সময়তে প্ৰচেছ কৰিব পৰা যাব।

যোগাযোগ, স্বাস্থ্য, ফাৰ্মা, বিত্তীয় খণ্ড, শক্তি, প্ৰতিৰক্ষা আৰু ডাটা সুৰক্ষা বিষয়ত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। এয়া বৰ্তমান পৃথিৱীৰ কেৱল কেইখনমান দেশতে ব্যৱহাৰ কৰা হয়। কেবিনেটৰ সিদ্ধান্তৰ পিছত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু অনুৰাগ ঠাকুৰে এই সন্দৰ্ভত সৱিশেষ জনায়।

কোৱাণ্টাম প্ৰযুক্তি কি?

আজিৰ দিনত কম্পিউটাৰৰ ক্ষেত্ৰখনতো যথেষ্ঠ পৰিৱৰ্তন হৈ আহিছে। নিতৌ আহিছে ন ন প্ৰযুক্তি। এনে সময়ত কোৱান্টাম টেকনিক যথেষ্ঠ লাভান্বিত হব বুলি আশা কৰা হৈছে। অৰ্থাৎ, পুৰণি কম্পিউটাৰৰ বাবে যিবোৰ কাম কঠিন বা সমাধান কৰাত বেছি সময় লাগিছিল সেই সকলো এই কোৱান্টাম টেকনিকৰ দ্বাৰা সহজ হৈ পৰিব।কোৱাণ্টাম প্ৰযুক্তি হৈছে পদাৰ্থ বিজ্ঞানৰ এটা শাখা।

Also Read: কাশী-বিশ্বনাথৰ আৰ্হিত হ'ব কামাখ্যা মন্দিৰৰ কৰিডৰ, প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

national quantum mission