শিক্ষানুষ্ঠানত নিষিদ্ধ হ'ল নাৰী...

শিক্ষানুষ্ঠানত নিষিদ্ধ হ'ল নাৰী...

ডিজিটেল ডেস্ক : পুৰুষতান্ত্ৰিক সমাজৰ নিদৰ্শন পুনৰ এবাৰ দাঙি ধৰিলে আফগানিস্তানে । শিক্ষানুষ্ঠানত নিষিদ্ধ হ'ল নাৰী । তালিবান অধিকৃত আফগানিস্তান প্ৰশাসনৰ এই সিদ্ধান্তই শেহতীয়াকৈ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত । শিক্ষা হৈছে এক মৌলিক অধিকাৰ, একবিংশ শতিকাত প্ৰাচীনতম ধৰ্মীয় ৰীতি নীতিৰ আধাৰত এগৰাকী ব্যক্তিৰ মৌলিক অধিকাৰ খৰ্ব কৰা ঘটনা চিন্তনীয় । আনহাতে আফগানিস্তানত কেৱল এগৰাকী নহয় বৰং এটা প্ৰজন্মৰ শৈক্ষিক ভৱিষ্যত ধ্বংস কৰাৰ অৰ্থ হ'ল সামগ্ৰিকভাৱে এটি প্ৰজন্মক কোঙা কৰি পেলোৱা । কিন্তু এই প্ৰজন্মত আছে কেৱল নাৰী । অৰ্থাৎ মূহুৰ্ততে নস্যাৎ কৰি পেলোৱা হ'ল শতিকাযোৰা নাৰী সৱলীকৰণৰ পদক্ষেপ সমূহক । পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে নাৰীৰ স্থান পুৰুষৰতকৈ নিম্নত বুলি ।

পাকিস্তানৰ ন'বেল বঁটা কিশোৰী মালাল ইউছুফজাই, যি পাকিস্তানত নাৰী শিক্ষাৰ হকে মাত মাতি গুলীবিদ্ধ হৈছিল তালিবানৰ আক্ৰমণত । তাৰ পাছতেই সমগ্ৰ বিশ্বত নাৰী সৱলীকৰণ আৰু নাৰী শিক্ষাৰ হকে গঢ় লৈ উঠিছিল দাবী । সেই দাবীৰ সমান্তৰালকৈ জাগ্ৰত হৈছিল চিৰদিন পুৰুষৰ অধীনত থকা সমাজ ।

২০২১ চনৰ মে' মাহত সন্ত্ৰাসবাদী সংগঠন তালিবানৰ আগ্ৰাসনৰ বলি হৈছিল আফগানিস্তান । লক্ষাধিক লোকে প্ৰাণৰ মায়াত দেশ ত্যাগ কৰি আজিকোপতি শৰণাৰ্থী হৈ আছে চুবুৰীয়া ৰাষ্ট্ৰ সমূহত । কিন্তু নাগৰিকৰ পলায়নৰ মাজতেই তালিবানে অৱৰোধ কৰিলে বিমান বন্দৰলৈ যোৱা সকলো বাট । উভতাই পঠিওৱা হ'ল পলায়ন কৰা নাগৰিক সকলক । যাৰ বাবে আফগানিস্তানতেই ৰৈ যাব লগীয়া হ'ল বহু পৰিয়াল ।

পলায়ন কৰা পৰিয়াল সমূহেও অৱশ্যে লাভ নকৰিলে শান্তি । অত্যাধিক যাত্ৰীৰ বোজা কঢ়িয়াই নিয়া বিমানৰ চকাত ওলমি প্ৰাণৰ মায়াত পলায়ন কৰিছিল বহু কেইজন ব্যক্তিয়ে । কিন্তু উৰণৰ পাছতেই এগৰাকী ব্যক্তিয়ে এই কাৰ্যৰ ফলত চকাৰ পৰা সৰি পৰা এক ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল সেই সময়ছোৱাত । এই দৃশ্য আছিল দু:সহ । সন্ত্ৰাসে কি পৰ্যায় পালে বিমানৰ চকাত ওলমি ব্যক্তি এগৰাকীয়ে দেশ ত্যাগ কৰিব পাৰে সেইয়া স্বাধীন ৰাষ্ট্ৰৰ নাগৰিকৰ বাবে কল্পনাতীত ।

তাৰ মাজতেই তালিবানে গ্ৰহণ কৰিলে আন এক সিদ্ধান্ত, যাৰ জৰিয়তে শিক্ষাৰ পৰা আতৰাই অনা হ'ল আফগানিস্তানৰ নাৰী সকলক । ইতিমধ্যেই প্ৰাথমিক খণ্ডৰ বিদ্যালয় সমূহৰ পৰা নাম কৰ্তন কৰা হৈছে শিশু সকলৰ । আৰু পৰৱৰ্তী সময়ত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ পৰাও নাম কৰ্তন কৰা হ'ব ছাত্ৰী সকলৰ ।

বৰ্তমান সময়ত শিক্ষাক দিয়া হয় সকলোতকৈ বেছি অগ্ৰাধিকাৰ, তেনেস্থলত শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত কৰা শিক্ষাৰ্থী সকলৰ ভৱিষ্যত কি হ'ব ? যুদ্ধ, ৰাজনীতিৰ কৰাল গ্ৰাসত জাহ যোৱা এখন দেশৰ নাগৰিকৰ নূন্যতম শিক্ষাৰ অধিকাৰ খৰ্ব কৰাৰ পাছত আগন্তুক প্ৰজন্ম হ'ব মূক-বধিৰ । সকলো দেখি, শুনিও নিৰৱে ৰ'ব লাগিব সমগ্ৰ বিশ্বৰ সন্মুখত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in