/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/32e82031-17dc-403e-ba8d-f531e413bd06/china.jpg)
ডিজিটেল ডেস্ক : আগ্ৰাসী নীতি গ্ৰহণ চীনৰ । দক্ষিণ চীনৰ সমুদ্ৰ তীৰৰ এক বৃহৎ এলেকা চীনে বেদখল কৰাৰ আলোকচিত্ৰ কৃত্ৰিম উপগ্ৰহই প্ৰকাশ কৰাৰ পিছত পোহৰলৈ আহিছে এই তথ্য । চীনৰ এই পদক্ষেপে বহু বছৰ জুৰি বিতৰ্কিত ভূমি সমূহ নিজৰ দখললৈ অনাৰ প্ৰয়াস কৰিছে বুলি এতিয়া চৰ্চা হৈছে বিশ্বজুৰি ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চীনে চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ সৈতে ইতিমধ্যেই বিতৰ্কিত ভূমি বেদখল কৰি চৰ্চালৈ আহিছিল যদিও কাহানিও কেৰেপ নকৰিলে বিশ্বৰ সকিয়নী । এনে স্থান সমূহত নিৰ্মাণ কৰি গ'ল বিমান বন্দৰ আৰু উদ্যোগিক প্ৰতিষ্ঠান । চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ অভিযোগৰ প্ৰতি নকৰিলে কেৰেপ ।
ইয়াৰ ওপৰিও কেৱল মাছমৰীয়া সকলেহে এই স্থানলৈ জীৱিকাৰ বাবে যোৱা বুলি দাবী কৰি অহা চীনৰ প্ৰকৃত তথ্য পোহৰলৈ অহাৰ পাছত প্ৰমাণ হ'ল যে এই মাছমৰীয়া সকলৰ অন্তৰালতো আছে চীনা সামৰিক বাহিনীৰ সুৰক্ষা কৱছ । তেনেস্থলত এক প্ৰকাৰৰ সামৰিক আগ্ৰাসনৰে বলি হ'ল বেদখলকৃত ভূমি সমূহ ।
কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ফিলিপিন, টাইৱান, মালাইছিয়া, ইণ্ডোনেছিয়া অথবা ভিয়েটনামে । কিয়নো সকলো পৰিচিত চীনৰ আগ্ৰাসী নীতিৰ সৈতে । বাধা দিলেই যেন বিপদ চপাই লোৱা হ'ব নিজ দেশৰ নাগৰিক সকলৰ বাবে ।
আৰু পঢ়ক : নাগালেণ্ডৰ পৰা গুৱাহাটীলৈ ড্ৰাগছ সৰবৰাহ কৰা যুৱতী আটক...