কানাডাৰ বাসগৃহত প্ৰৱেশ কৰি ৯ বাৰকৈ গুলীয়ালে খালিস্তানী নেতাৰ মূৰত; কোনে কৰিলে হত্যা...

খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত বিবাদ অব্যাহত আছে

author-image
Asomiya Pratidin
New Update
কানাডাৰ বাসগৃহত প্ৰৱেশ কৰি ৯ বাৰকৈ গুলীয়ালে খালিস্তানী নেতাৰ মূৰত; কোনে কৰিলে হত্যা...

ডিজিটেল ডেস্কঃ খালিস্তানী নেতা হৰদীপ সিং নিজ্জাৰৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ মাজত বিবাদ অব্যাহত আছে। ইয়াৰ মাজতে কানাডাত আন এজন খালিস্তানি নেতা সুখদুল সিং গিল ওৰফে সুকখা দুনেক হত্যাৰ বলি হৈছে। মূৰত ৯ টা গুলী লগাৰ ফলত মৃত্যু হয় গেংষ্টাৰ গৰাকীৰ।

Advertisment

২০১৭ চনত সুখদল সিং গিলে পঞ্জাৱৰ পৰা ভুৱা পাছপোৰ্ট লৈ কানাডালৈ পলাই গৈছিল।তেওঁ সন্ত্ৰাসবাদী আৰ্শদীপ দাল্লাৰ অতি ঘনিষ্ঠ আছিল।

বুধবাৰে এনআইয়ে ৪৩ গৰাকী গেংষ্টাৰৰ এখন তালিকা জাৰি কৰিছিল। য'ত সুখদল সিঙৰ নামো আছিল। কানাডাৰ এ শ্ৰেণীৰ গেংষ্টাৰ আছিল সুখদল সিং। এই খালিস্তানী নেতা গৰাকীয়ে কানাডাৰ পৰা ভাৰতত বিভিন্ন অপৰাধমূলক কাম-কাজ সংঘটিত কৰিছিল।

জানিব পৰা মতে কানাডাৰ বিনিপিগৰ বাসগৃহত আছিল খালিস্তানী নেতাগৰাকী।কানাডাৰ সময় অনুসৰি আজি পুৱি ৯ বাজি ৩০ মিনিটত তেওঁৰ বাসগৃহত দুৰ্বৃত্তই প্ৰৱেশ কৰি গুলীয়াই হত্যা কৰে।

ভাৰতৰ পৰা পলাতক গেং ষ্টাৰ সুখদল সিঙৰ হত্যাৰ দায়িত্ব হৈছে লৰেন্স বিষ্ণোই গেঙে। লৰেন্স বিষ্ণোইৰ এটা ফেচবুক পেজত এই কথা জনাইছে।তদুপৰি এই পোষ্টটোতেই আন গেংষ্টাৰ সকলকো প্ৰাণে মৰাৰ ভাবুকি দিছে।

ইয়াৰ পূৰ্বে জুন মাহত খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যা হৈছিল। এটা গুৰুদ্বাৰৰ পাৰ্কিঙত দুই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল তেওঁ। এই হত্যাকাণ্ডক লৈ ভাৰতক জগৰীয়া কৰিছে কানাডা চৰকাৰে। যাৰ পাছত দেশ দুখনৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছে।

Also Read: ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক !

canada