ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক !

জাষ্টিন ট্ৰুডোৱে খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই দেশ দুখনৰ মাজক বিবাদ আৰম্ভ হয় ।

author-image
Asomiya Pratidin
New Update
ভাৰতলৈ আহিব নোৱাৰিব কানাডাৰ নাগৰিক !

ডিজিটেল ডেস্কঃ অধিক অৱনতিৰ পিনে গতি কৰিছে ভাৰত-কানাডাৰ সম্পৰ্ক। কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পাছতেই দেশ দুখনৰ মাজক বিবাদ আৰম্ভ হয় ।

Advertisment

ইয়াৰ মাজতে ভাৰতে লৈছে এক ডাঙৰ সিদ্ধান্ত। কানাডাৰ লোকসকলৰ বাবে ভাৰতীয় ভিছা সেৱা স্থগিত কৰা হৈছে। বি এছ এছ ইণ্ডিয়া ভিছা এপ্লিকেশ্যন চেন্টাৰে ভাৰতীয় মিছনৰ তৰফৰ পৰা এক জাননী জাৰি কৰিছে। য'ত কোৱা হৈছে কানাডত ভাৰতীয় ভিছা সম্পৰ্কীয় সেৱা স্থগিত ৰখা হৈছে। আগন্তুত নিৰ্দেশনালৈ এই সেৱা স্থগিত থাকিব। উল্লেখ্য যে, কানাডৰ নাগৰিকসকলক ভাৰতৰ বাবে ভিছা ভিএছএছ ইণ্ডিয়াই প্ৰদান কৰে। ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা প্ৰদান কৰা হৈছে।

বিগত ৩ টা দিনত ভাৰতৰ এয়া তৃতীয়টো ডাঙৰ সিদ্ধান্ত। ইয়াৰ পূৰ্বে কানাডাই ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰিছিল আৰু পাছত ভাৰতে জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদজনক ৫দিনৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল।

তাৰ পাছত মঙলবাৰে কানাডাই নাগৰিকসকলৰ বাবে এক জাননী জাৰি কৰিছিলযত ভাৰতৰ কিছুমান অঞ্চল ভ্ৰমণৰ সময়ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছিল। ইয়াৰ পাছত ভাৰতেও কানাডাত বাস কৰা ভাৰতীয়সকলক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছিল।

Also Read: আজিৰে পৰা আৰম্ভ হ'ব আই এছ এলৰ মহাৰণ

canada india