গৃহ যুদ্ধত নৰককুণ্ডলৈ পৰিণত ছুডানঃ বলাৎকাৰ হৈ পৰিছে যুদ্ধৰ অস্ত্ৰ...

গৃহ যুদ্ধত নৰককুণ্ডলৈ পৰিণত ছুডানঃ বলাৎকাৰ হৈ পৰিছে যুদ্ধৰ অস্ত্ৰ...
গৃহ যুদ্ধত নৰককুণ্ডলৈ পৰিণত ছুডানঃ বলাৎকাৰ হৈ পৰিছে যুদ্ধৰ অস্ত্ৰ...

ডিজিটেল ডেস্কঃ ক্ৰমশঃ যেন শান্তিৰ বাতাবৰণ নোহাৱা হৈছে পৃথিৱীত। সন্ত্ৰাসবাদৰ উপৰি ৰাষ্ট্ৰনেতাৰ ক্ষমতা দখলৰ লালসা, এখন ৰাষ্ট্ৰৰ আন এখন ৰাষ্ট্ৰৰ সৈতে হোৱা বাদ-বিবাদৰ পৰিস্থিতিৰ মাজেতে পৃথিৱীখন যেন মানুহৰ বসবাসৰ উপযোগী হৈ থকা নাই।

প্ৰায় প্ৰতিটো প্ৰান্ততে অব্যাহত আছে সন্ত্ৰাসবাদীৰ আক্ৰমণ, যুদ্ধ আদি। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ সমাপ্তি নহওতেই হামাছ আৰু ইজৰাইলৰ মাজত হোৱা সংঘৰ্ষত কেইবাহাজাৰ লোকে প্ৰাণ হেৰুওৱাইছে। ইউক্ৰেইন, ৰাছিয়াৰ যুদ্ধৰ খবৰ তল পৰি এতিয়া সংবাদ মাধ্যমত ভিৰ কৰিছে পেলেষ্টাইনৰ খবৰে।

কিন্তু এনে খবৰৰ মাজত হেৰাই গৈছে আন এখন যুদ্ধৰ খবৰ। ছুদানত চলি থকা গৃহযুদ্ধৰ খবৰ হয়তো বহুতেই পোৱা নাই। সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ এই যুদ্ধত ৰাষ্ট্ৰখন যেন পৰিণত হৈছে এক নৰকুণ্ডলৈ।

৮ মাহ ধৰি চলি থকা এই গৃহযুদ্ধত প্ৰাণ হেৰুৱাইছে অসংখ্য সাধাৰণ নাগৰিকে। যুদ্ধৰ অস্ত্ৰ হিচাপে পৰিগণিত হৈছে ধৰ্ষণৰ দৰে জঘণ্য কাণ্ড। ইতিমধ্যে এই যুদ্ধৰ মাজতে দেশখনৰ সেনা বাহিনীক আঁতৰাই অতি গুৰুত্বপূৰ্ণ দাৰ্ফুৰ প্ৰদেশ দখল কৰিছে অৰ্ধসামৰিক বাহিনী ৰেপিড ছাপ'ৰ্ট ফৰ্চে।

উল্লেখ্য, ছুডানত ক্ষমতা দখলৰ যুঁজত নামিছে দেশখনৰ শসস্ত্ৰ বাহিনীৰ দুই জেনেৰেল আবদেল আল ফতা আল ব্ৰুহান আৰু জেনেৰেল মহম্মদ হামদান দাগালো। ইয়াৰে আবদেল আল ফতা আল ব্ৰুহান ছুাডানৰ সেনাপ্ৰধান হোৱাৰ উপৰি ২০১৯ ৰ পৰা দেশখনৰ সৰ্বোচ্চ শাসনৰ কাৰ্যকৰী পৰিষদৰ মুৰব্বী।

আনহাতে জেনেৰেল মহম্মদ হামদান আকৌ দেশখনৰ অৰ্ধসামৰিক বাহিনী ৰেপিড ছাপোৰ্ট ফ'ৰ্চৰ প্ৰধান তথা কাউন্সিলৰ অন্যতম সদস্য। এই দুই জেনেৰলৰ বিৰুদ্ধে উত্থাপিত হৈছে মানৱাধিকাৰ ভংগ, লুটৰাজ, নৃশংসতা, ধৰ্ষণ আদিৰ দৰে গুৰুতৰ অভিযোগ।

এপ্ৰিলৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হোৱা এই যুদ্ধই শেহীতীয়াকৈ বিভৎস ৰূপ ধাৰণ কৰিছে। দুয়ো পক্ষৰ কোনেও যুদ্ধ বিৰতি লোৱাৰ আগ্ৰহ দেখুওৱা নাই। ৰক্তক্ষয়ী ক্ষমতাৰ যুঁজত বিগত দিনবোৰত দেশখনৰ পশ্চিমাঞ্চলৰ দাৰ্ফুৰ প্ৰদেশৰ কেইবাশ সাধাৰণ লোক নিহত হৈছে।

ৰাজধানী খাৰতুমতো প্ৰাণ হেৰুৱাইছে অনেকে। আফ্ৰিকান দেশখনত চলা এই গৃহযুদ্ধৰ ফলত ঘৰ এৰি পলাবলৈ বাধ্য হৈছে অতি কমেও ৬০ লাখ মানুহ। প্ৰাণৰ মমতাত অনেকেই চুবুৰীয়া দেশত আশ্ৰয় গ্ৰহণ কৰিছে।

দাৰ্ফুৰত চলিছে গণহত্যা। ৰেপিড ছাপোৰ্ট ফ'ৰ্চৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে অ-মুছলমান লোকসকল। ধৰ্ষণক তেওঁলোকে ব্যৱহাৰ কৰিছে যুদ্ধৰ অস্ত্ৰ হিচাপে। ৰেপিড ছাপোৰ্ট ফ'ৰ্চে ইতিমধ্যে দখল কৰিছে এল জেনিনাত থকা সেনাৰ মুখ্য কাৰ্যালয়।

এই ৰেপিড ছাপোৰ্ট ফ'ৰ্চে আক্ৰমণ কৰিবলৈ এৰা নাই শৰনাৰ্থী শিবিৰসমূহো। এনে এটা শৰনাৰ্থী শিবিৰত আক্ৰমণ কৰাৰ ফলতে নিহত হৈছে প্ৰায় ৮০০ শৰনাৰ্থী। তাৎপৰ্যপূৰ্ণভাৱে অতি বৰ্বৰ হৈ উঠা এই বাহিনীটোলৈ সমৰ্থন আগবঢ়াইছে ইউ এ ই, লিবিয়া আদিয়ে।

উল্লেখ্য যে, ছুডানত গৃহযুদ্ধ এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ২০০৩ ত ছুডানত মুছলমান আৰু খ্ৰীষ্টানসকলৰ মাজত সংঘটিত হৈছিল গৃহযুদ্ধ। যাৰ ফলত ছুডান বিভক্ত হৈ নতুনকৈ সৃষ্টি হৈছিল দক্ষিণ ছুডান। ইয়াৰে ছুডান মুছলমান আৰু দক্ষিণ ছুডান খ্ৰীষ্টান প্ৰধান ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।

গৃহ যুদ্ধত নৰককুণ্ডলৈ পৰিণত ছুডানঃ বলাৎকাৰ হৈ পৰিছে যুদ্ধৰ অস্ত্ৰ...
মণিপুৰত অব্যাহত আছে হিংসাঃ আকৌ কুকিৰ ওপৰত আক্ৰমণ, অপহৰণৰ ঘটনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in