মণিপুৰত অব্যাহত আছে হিংসাঃ আকৌ কুকিৰ ওপৰত আক্ৰমণ, অপহৰণৰ ঘটনা...

মণিপুৰত অব্যাহত আছে হিংসাঃ আকৌ কুকিৰ ওপৰত আক্ৰমণ, অপহৰণৰ ঘটনা...

author-image
Asomiya Pratidin
New Update
মণিপুৰত অব্যাহত আছে হিংসাঃ আকৌ কুকিৰ ওপৰত আক্ৰমণ, অপহৰণৰ ঘটনা...

মণিপুৰত অব্যাহত আছে হিংসাঃ আকৌ কুকিৰ ওপৰত আক্ৰমণ, অপহৰণৰ ঘটনা...

ডিজিটেল ডেস্কঃ এতিয়াও শান্ত হোৱা নাই মণিপুৰ। শেহতীয়াকৈ ৰাজ্যখনৰ মেইটেই সম্প্ৰদায়ৰ দুই ছাত্ৰ অবিনাশ মাইবাম আৰু এ এণ্টনী নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে এল চোংলাই আৰু এছ হান্সি নামৰ দুজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিছে।

Advertisment

আৰক্ষীৰ দাবী, যুদ্ধ বিৰতিত থকা কুকি বিদ্ৰোহী এই ঘটনাৰ আঁৰত আছে। অৱশ্যে কুকি সংগঠনটোৱে এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰিছে দুই মেইটেই ছাত্ৰৰ সন্ধানহীন হোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত নহয়।

ইফালে আৰক্ষীয়ে আটক কৰা দুই ব্যক্তিক ১৭ নৱেম্বৰকলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ইফালে মণিপুৰৰ পশ্চিম ইম্ফলৰ কাংচুপত মঙ্গলবাৰে কাংচুপ এলেকাৰ এটা কুকি পৰিয়ালৰ ওপৰত আক্ৰমণ হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

ইয়াৰোপৰি ৪ জন লোকক অপহৰণ আৰু তাৰ মাজতে কুকি এলেকাৰ পৰা মেইটেইসকললৈ লক্ষ্য কৰি গুলী চালনা কৰাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত এই পৰ্যন্ত ২ আৰক্ষীৰ লোকসহ ১১ জন লোক আহত হৈছে।

কুকিসকলে দাবী কৰিছে কাংচুপৰ ঘটনাই প্ৰমাণ কৰিছে ৰাজ্যখনত কুকিসকলৰ কোনো নিৰাপত্তা নাই। ইফালে মেইটেইসকলৰ সশস্ত্ৰ যৌথ বাহিনীৰ চেকপোষ্টত ৫ জন লোকক মাৰধৰ কৰি তেওঁলোকে লৈ যায়। ইয়াৰে এজন কোনো মতে পলাই যায় যদিও আন চাৰিজনক অপহৰণকাৰীয়ে লৈ যায়।

পৰৱৰ্তী সময়ত সেনাবাহিনীয়ে অপহৃতসকলৰ মাজতৰ মাংলুন হাওকিপক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে আৰু তেওঁক বিমানৰ জৰিয়তে ডিমাপুৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটীৰ সেনা হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। কিন্তু এতিয়ালৈকে বাকী চাৰিজন অপহৃতৰ কোনো খবৰ লাভ কৰা নাই।

ইফালে মণিপুৰত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়ালৈ হস্তান্তৰ কৰা হৈছে। এই বিস্ফোৰণৰ তদন্তৰ আঁত ধৰি জম্মুত বিশেষ অভিযান চলোৱা হয়। বুধবাৰে জম্মুৰ পৰা ম্যানমাৰৰ বাসিন্দা জাফেৰ আলম নামৰ এক ৰোহিঙ্গীয়াক আটক কৰা হৈছে।

মণিপুৰৰ নগা অধ্যুষিত এলাকাত কোনো হিংসাত্মক ঘটনা সংঘটিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মোবাইল ইণ্টাৰনেট পুনৰুদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী কাছিম বসুমে জনোৱা অনুসৰি উখৰুল, চাণ্ডেল, তামেংলং আৰু সেনাপতি জিলাত ইণ্টাৰনেট পুনৰ সক্ৰিয় কৰা হৈছে।

Also Read: ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুখন হাতেলিখা প্ৰাচীৰ প্ৰতিকা উন্মোচন...

মণিপুৰ