অৱসৰৰ দিশে মিয়াজাকি, জুলাইত মুক্তি লাভ কৰিব অন্তিমখন ছবিয়ে...

অৱসৰৰ দিশে মিয়াজাকি, জুলাইত মুক্তি লাভ কৰিব অন্তিমখন ছবিয়ে...

ডিজিটেল ডেস্ক : বিশ্ব চলচিত্ৰ জগতৰ অন্যতম সফল পৰিচালক মিয়াজাকি । চৰম হতাশাত ভুগি থকা জাপানক এখন ৰঙীণ পৃথিৱীৰ সৈতে চিনাকী কৰাই দিয়াৰ ক্ষেত্ৰত মিয়াজাকিৰ অৱদান সম্পৰ্কে সকলো জ্ঞাত । মিয়াজাকি কেৱল এগৰাকী সফল পৰিচালক অথবা এনিমেটৰেই নহয় বৰং এক সফল শিল্পীও । নিজেই ৰং-তুলিকাৰে সৃষ্টি কৰা পৃথিৱীখনৰ এতিয়া কোটি কোটি বাসিন্দা সমগ্ৰ বিশ্বত ।

বিগত কেইবাটাও দশক ধৰি এনিমেশ্বন অথবা জাপানীজ এনিমেৰ সৈতে জড়িত হৈ থকা মিয়াজাকিয়ে ১৯৮৫ চনত আৰম্ভ কৰিছিল "ষ্টুডিঅ' ঘিবলি" । তাৰ পাছৰে পৰাই কোনো দিনেই কলাৰ এই শৈলীটো সন্দৰ্ভত উভতি চাব লগীয়া হোৱা নাই মিয়াজাকিয়ে । মিয়াজাকিৰ প্ৰতিখন ছবিয়েই কঠোৰ বাস্তৱমুখী জগতখনৰ পৰিৱৰ্তে দেখুৱাই দিছিল এখন সপোনৰ জগত য'ত আছে কেৱল ভাতৃত্ববোধ, প্ৰেম আৰু শান্তি ।

দৈনন্দিন জীৱনৰ সংগ্ৰাম, দুখ-ভাগৰ পাহৰি দৰ্শকেও অতি মৰমেৰে আকোৱালি লৈছিল মিয়াজাকিৰ প্ৰতিটো মানস সন্তানক । কেৱল এয়াই নহয়, মিয়াজাকিৰ এনিমেশ্বন ফিল্ম "প্ৰিঞ্চেচ মন'ন'কে" আছিল জাপানৰ প্ৰথমখন এনিমেটেড চলচিত্ৰ যি জাপানৰ একাডেমী এৱাৰ্ডৰ 'বৰ্ষশ্ৰেষ্ঠ চলচিত্ৰ'ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ ওপৰিও ১৯৯৭ চনত জাপানত মুক্তি লাভ কৰা চলচিত্ৰসমূহৰ ভিতৰত বাণিজ্যিকভাৱে সকলোতকৈ সফল ছবি আছিল সেইখন ।

সেই মিয়াজাকিয়েই অৱসৰ ল'বলৈ গৈ আছে অতি শীঘ্ৰে । আগন্তুক জুলাই মাহত মুক্তি লাভ কৰিব ষ্টুডিঅ' ঘিবলিৰ নতুন তথা মিয়াজাকিৰ অন্তিমখন ছবি "হাউ ডু য়্যু লিভ" । আৰু তাৰ পাছতেই অন্ত পৰিব এটা যুগৰ । যি যুগে মানুহক প্ৰকৃতিৰ সৈতে নতুনকৈ সম্পৰ্ক স্থাপন কৰিবলৈ শিকালে, যি যুগে মানুহে মানুহক ভাল পাবলৈ শিকালে আৰু যি যুগে শিকালে মানুহৰ এক শান্ত-সমাহিত ৰূপৰ বিষয়ে । যুদ্ধ, হিংসা-হত্যাৰ মাজত এনে এখন পৃথিৱী উপহাৰ দিয়া মিয়াজাকিক আৰু দেখা নাযাব পেইন্ট ব্ৰাছ হাতত লৈ পানী ৰঙেৰে নতুন এনিমেশ্বনৰ কাম কৰি থকা অৱস্থাত ।

অৱসৰৰ দিশে মিয়াজাকি, জুলাইত মুক্তি লাভ কৰিব অন্তিমখন ছবিয়ে...
কোকৰাঝাৰত মিলেট সন্দৰ্ভত সজাগতা সভা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in