কোকৰাঝাৰত মিলেট সন্দৰ্ভত সজাগতা সভা...

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত মিলেট সন্দৰ্ভত সজাগতা সভা...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : মিলেটত সমৃদ্ধ পুষ্টিকৰ উপাদানৰ বাবে বৰ্তমান সময়ত মিলেটে বিশেষ জনপ্ৰিয়তা লাভ কৰা দেখিবলৈ পোৱা গৈছে। মিলেটত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সডেণ্ট, আইৰণ, কেলচিয়াম আৰু জিংক পোৱা যায়। ইয়াৰোপৰি মিলেটত গ্লাইচিনৰ সূচাংক কম আৰু ই সহজে হজমযোগ্য।

Advertisment

লগতে ই গ্লুটেন মুক্ত আৰু কেন্সাৰ, ডায়েবেটিছ আৰু হৃদৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰাৰ কথা ভিন্ন গৱেষণাত পোহৰলৈ আহিছে। ইতিমধ্যে ভাৰত চৰকাৰৰ প্ৰস্তাৱনা অনুসৰি ৰাষ্ট্ৰসংঘৰ দ্বাৰা ২০২৩ বৰ্ষক আন্তর্জাতিক মিলেট বৰ্ষ হিচাপে ঘোষণা কৰাৰ পিছতে মিলেট সম্বন্ধে সজাগতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে ভিন্ন পন্থা।

কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসমৰো ভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে মিলেট সম্পর্কে সজাগতা সভা। অসম মিলেট মিচনৰ অধীনত ‘অসমত মিলেটৰ বাবে কৃষক’ শীৰ্ষক কাৰ্যসূচীৰে মিলেট সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে কৃষি বিভাগে। আজি কোকৰাঝাৰ জিলাৰ তিতাগুৰি কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটগাঁৱত মিলেট সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়।

কোকৰাঝাৰ জিলা কৃষি বিভাগৰ বিষয়া মুনিন্দ্ৰ নাৰায়ণ দাস (মহকুমা কৃষি উন্নয়ন বিষয়া/জিলা কৃষি তথ্য বিষয়া), দিগন্ত থাপা (সহকাৰি কৃষি সঞ্চালক/অসম মিলেট মিচনৰ নোডেল বিষয়া), ৰিচি কুমাৰ মুচাহাৰীয়ে(কৃষি উন্নয়ন বিষয়া, তিতাগুৰি) মিলেটক দৈন্যন্দিন খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰয়োজনীয়তা তথা ইয়াৰ খেতি প্ৰণালী সম্পৰ্কে কৃষকক অৱগত কৰে।

আন ফচলৰ তুলনাত কম খৰচ আৰু কম সময়ত কৰিব পাৰি মিলেটৰ খেতি। মিলেটৰ খেতিৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন নহয় অৰ্থাৎ নূন্যতম পানীৰেই কৰিব পাৰি এই খেতি। ইয়াৰোপৰি ই হৈছে এক উচ্চ উৎপাদনক্ষম ফচল। গতিকে মিলেটৰ খেতিৰে কৃষকৰ বাবে স্বাৱলম্বীতাৰ অন্য এক পথ মুকলি হোৱা বুলি মন্তব্য কৰে কৃষি উন্নয়ন বিষয়াগৰাকীয়ে।

ইতিমধ্যে মৰুৱা ধানৰ খেতি কৰি জিলাখনৰ কেইবাগৰাকীও কৃষকে লাভজনক ফল লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, বৰ্তমানে জিলাখনৰ ৯৬.৮ হেক্টৰ কৃষিভূমিত কৃষকে কৰিছে কণী ধানৰ খেতি আৰু এই কণী ধানৰ খেতিয়েও কৃষকক যথেষ্ট লাভজনক ফল দিবলৈ সক্ষম হৈছে।

যাৰ ফলত মিলেটৰ খেতিৰ প্ৰতি কৃষকসকলক কিছু পৰিমাণে আকৰ্ষিত হোৱা দেখিবলৈ পোৱা গৈছে। আনফালে মিলেটৰ খেতিৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা আগবঢ়াবলৈ কৃষি বিভাগ সাজু থকা বুলি মন্তব্য কৰে কৃষি বিষয়াসকলে।

Also Read: প্ৰবীণ লোক শিল্পী সাধক শিক্ষাব্ৰতী ৰিদিপ বৰাৰ বিয়োগ

kokrajhar