সন্ত্ৰাসে জুৰুলা কৰা আফগানিস্তা‍নৰ শিশু এটিৰ মুখত হাঁহি বিৰিঙালে এগৰাকী গ্ৰাহকে...

সন্ত্ৰাসে জুৰুলা কৰা আফগানিস্তা‍নৰ শিশু এটিৰ মুখত হাঁহি বিৰিঙালে এগৰাকী গ্ৰাহকে...

ডিজিটেল ডেস্ক : অভাৱ, সন্ত্ৰাসে জুৰুলা কৰা এখন দেশ । বৰ্তমান সন্ত্ৰাসবাদীৰ কবলত দেশখন । দেশখনৰ নিয়ম কানুন, হৰ্তা-কৰ্তা সকলো এই সন্ত্ৰাসবাদী সকলেই । কিন্তু ৰাজনৈতিক অস্তিৰতা, অভাৱ, সন্ত্ৰাস দেশ খনৰ বাবে নতুন নহয় । বিশ্ববিখ্যাত লিখক খালিদ হুছেইনীৰ প্ৰায় কেইখন গ্ৰন্থতেই উল্লেখ আছে এই সমস্যাৰ । কিন্তু এই অভাৱে, সন্ত্ৰাসে জুৰুলা কৰি যোৱা দেশখনত এতিয়াও শেষ হৈ যোৱা নাই মানৱীয়তা, কণ কণ শিশুৰ হাঁহি...

তেনে এক ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত । সামাজিক মাধ্যমত দেখা পোৱা ভিডিঅ'টি থকা কণমানি গৰাকীৰ নাম জেইনাব । আফগানিস্তানৰ কোনো এক অঞ্চলৰ ৰাজপথত কলম বিক্ৰী কৰি আছিল কণমানি গৰাকীয়ে । একোটা কলমৰ দাম ২০ ছেন্ট অৰ্থাৎ ভাৰতীয় মূল্যত ১ টকাও নহয় । তাৰ মাজতেই কণমানিটিৰ সন্মুখত ৰৈ দিলে এখন বিলাসী গাড়ী । গাড়ীৰ পৰা ভদ্ৰ মহিলা এগৰাকীয়ে সুধিলে এটা কলমৰ দাম কিমান । কণমানি গৰাকীৰ উত্তৰ ২০ ছেন্ট । মহিলা গৰাকীয়ে ক'লে কণমানি গৰাকীৰ হাতত থকা গোটেই কেইটা কলম কিনাৰ কথা । কণমানি গৰাকীৰ হাতত তুলি দিলে ৩ খনকৈ এহেজাৰ টকীয়া আফগানী নোট । এইয়া অছিল কলম কেইটাৰ মূল্যতকৈ বহু বেছি । নিষ্পাপ কণমানি গৰাকীয়ে খুব সুন্দৰকৈ ক'লে এই টকা কলমৰ মূল্যতকৈ বহু বেছি । কিন্তু ভদ্ৰ মহিলা গৰাকীয়ে অনুৰোধ কৰাত ৰাখি থবলৈ বাধ্য হ'ল নোট কেইখন ।

ভিডিঅ'টোত কেৱল এইখিনিয়েই আছিল কথোপকথন । প্ৰায় ১ মিনিট যোৰা কথোপকথনটিয়েই যথেষ্ট আছিল বহু অব্যক্ত কথা বুজাবলৈ । কিদৰে নোট কেইখন লৈ কণমানি গৰাকীৰ মুখখন উজলি উঠিছিল, কিদৰে শিক্ষা সকলোৰে অধিকাৰ হোৱাৰ পাছতো ৰাজপথত কলম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছিল শিশুটিয়ে । ভিডিঅ'টিয়ে এনে দুৰ্যোগৰ সময়তো সকলোৰে মুখত হাঁহি বিৰিঙাই থৈ যোৱাৰ পাছতো বহু প্ৰশ্নৰ উদয় কৰি থৈ গৈছে সামাজিক মাধ্যমত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in