বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত সত্ৰীয়া পৰম্পৰাৰে মাঘ বিহু উদযাপন...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি‌ ভোগৰ উৎসৱ ভোগালী বিহু। পুৱাই অগ্নি দেৱতাক সেৱা জনাই ৰাজ্যত শান্তি, সম্প্ৰীতিৰ বাবে প্ৰাৰ্থনা কৰে ৰাজ্যবাসীয়ে। ইয়াৰ ব্যতিক্ৰম নহয় গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাতো। অসমীয়াৰ জাতীয় উৎসৱ তথা বাপতি সাহোন ভোগালী বিহুটি গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱাত সম্পূৰ্ণ স্বকীয় শৈলী তথা সত্ৰীয়া শৈলীৰ পৰম্পৰাগত কাৰ্য্যসূচীৰে উদযাপন কৰা হয়।

Advertisment

বটদ্ৰৱাৰ শলগুৰি সত্ৰৰ ৰাইজে থানৰ সিংহ দ্বাৰৰ সমীপত ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰত উৰুকাৰ নিশা নাম কীৰ্তন কৰে। সত্ৰৰ সমূহ ভকত বৈষ্ণৱ সমবেত হৈ কীৰ্তন পৰিবেশন কৰে। কীৰ্তনৰ শেষত সকলোৰে মংগল কামনা কৰি আশীৰ্বাদ দিয়া হয়। বিহুৰ পুৱাই ৰাইজে ভেলাঘৰত সমবেত হৈ দিহা নাম পৰিবেশন কৰাৰ অন্তত ভেলাঘৰত অগ্নি সংযোগ কৰি বছৰটোৰ মংগলৰ বাবে ঈশ্বৰৰ উচৰত প্ৰাৰ্থনা জনায়।

আৰু পঢ়ক : সাঁচি গছৰ খেতিৰে মথুৰাপুৰৰ শিক্ষিত যুৱকে দেখুৱাইছে কৰ্মসংস্থাপনৰ বাট...

Batadrawa assam