শ্ৰীলংকাৰ নৌ সেনাৰ হাতত গ্ৰেপ্তাৰ ২৭জন ভাৰতীয় মাছমৰীয়া

শ্ৰীলংকাৰ নৌ সেনাৰ হাতত গ্ৰেপ্তাৰ ২৭জন ভাৰতীয় মাছমৰীয়া

ডিজিটেল ডেস্কঃ দেওবাৰে শ্ৰীলংকাৰ নৌ সেনাই ২৭ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে শ্ৰীলংকাৰ জলসীমাত প্ৰৱেশ কৰাৰ অভিযোগত মাছমৰীয়াসকলৰ ৫খন নাও জব্দ কৰে। তামিলনাডুৰ ৰমানাথপুৰমৰ বাসিন্দা এই মাছমৰীয়াসকলে মান্নাৰৰ ওচৰৰ শ্ৰীলংকাৰ জলসীমা আৰু জাফনাৰ ডেলফ্ট আৰু কাচচাটিভু দ্বীপপুঞ্জৰ সমীপত মাছ মাৰি থকা সময়তে শ্ৰীলংকাৰ নৌ সেনাই তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰামনাথপুৰমৰ মাছমৰীয়াসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট ঘোষণা কৰিছে, যাৰ ফলত কাৰ্যকৰীভাৱে প্ৰায় ৭ হাজাৰ মাছমৰীয়াৰ কাম-কাজ বন্ধ হৈ আছে। উল্লেখ্য যে, প্ৰতিবাদকাৰী মাছমৰীয়াসকলে বুধবাৰে তেওঁলোকৰ দাবীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ পৰিকল্পনা কৰিছে।

ইফালে কেন্দ্ৰীয় মীন ৰাজ্য মন্ত্ৰী এল মুৰুগানে এই সংকটৰ কূটনৈতিক সমাধানৰ আশ্বাস দি মাছমৰীয়াসকলক ধৰ্মঘটৰ অন্ত পেলাবলৈ আহ্বান জনায়। লগতে তেওঁ মাছমৰীয়াসকলক এই ধৰ্মঘটে অঞ্চলটোৰ প্ৰায় ১৫ হাজাৰ লোকৰ জীৱনত পেলোৱা প্ৰত্যক্ষ প্ৰভাৱৰ বিষয়ে বিবেচনা কৰিবলৈও কয়।

উল্লেখ্য যে, শ্ৰীলংকাৰ নৌ সেনাই ২০২৩ চনত এতিয়ালৈকে ২২ খন নাও জব্দ কৰাৰ লগতে ১৩৭ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে। যোৱা কেইটামান দশকত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাৰ অভিযোগত শ্ৰীলংকাৰ নৌ সেনাই ৬০০ৰো অধিক ভাৰতীয় মাছমৰীয়াক হত্যা কৰিছে। যদিও যোৱা কেইবছৰমানৰ পৰা এই হত্যাকাণ্ড প্ৰায় বন্ধ হৈছে তথাপিও শ্ৰীলংকাই জব্দ কৰা নাওসমূহ ঘূৰাই দিয়া বন্ধ কৰি দিছে। যাৰ ফলত ভাৰতীয় মাছমৰীয়াসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

এনে ঘটনাৰ কাৰণ সন্দৰ্ভত ধাৰণা কৰা হয় যে, ভাৰতৰ জলসীমাত মাছৰ সংখ্যা কম হোৱাৰ বাবেই মাছমৰীয়াসকলে লংকাৰ জলসীমাত প্ৰৱেশ কৰে।

জানিব পৰা মতে, তামিলনাডু চৰকাৰে এই সমস্যা সন্দৰ্ভত ২টা সমাধান উত্থাপন কৰিছে। প্ৰথমটো হ’ল ৭০ৰ দশকত ভাৰতে শ্ৰীলংকাক উপহাৰ দিয়া কাটচাথিভু দ্বীপটো উদ্ধাৰ কৰা। ইয়াৰ কাৰণ দৰ্শাই তেওঁলোকে কয় যে, ইয়াৰ ফলত ভাৰতীয় মাছমৰীয়াসকলৰ জলাশয় বৃদ্ধি পাব আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাও সলনি হ’ব।

আনহাতে দ্বিতীয় সমাধান ৰূপে ভাৰতীয় মাছমৰীয়াসকলৰ বাবে বৈধভাৱে মাছ ধৰাৰ অধিকাৰৰ পথ প্ৰশস্ত কৰিবলৈ শ্ৰীলংকাৰ সৈতে দীৰ্ঘম্যাদী পট্টা চুক্তিৰ ধাৰণাও ৰাজ্যখনে আগবঢ়াইছে।

শ্ৰীলংকাৰ নৌ সেনাৰ হাতত গ্ৰেপ্তাৰ ২৭জন ভাৰতীয় মাছমৰীয়া
'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in