'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা

ডিজিটেল ডেস্কঃ আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ১৪তম মেচত সমুখ সমৰত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা। এই পৰ্যন্ত টুৰ্ণামেন্টতো দুয়োটা দলেই এখনো মেচ জয় কৰিব পৰা নাই। সোমবাৰৰ মেচখনত টুৰ্ণামেন্টৰ প্ৰথমটো জয় সাব্যস্ত কৰিবলৈ খেলপথাৰত নামিব দুয়োটা দল। লক্ষ্ণৌস্থিত ভাৰত ৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ী একানা ষ্টেডিয়ামত বিয়লি ২ বজাৰ পৰা আৰম্ভ হ'ব মেচখন।

ইয়াৰ পূৰ্বে দুয়োটা দলেই টুৰ্ণামেন্টৰ প্ৰথম দুয়োখন মেচতেই পৰাজয়ৰ সন্মুখীন হৈছে। দক্ষিণ আফ্ৰিকাৰ লগত ১৩৪ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়াৰ দলটো। ভাৰতৰ সৈতে হোৱা মেচখনতো বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দুৰ্দান্ত যুটীয়ে পৰাজয়ৰ মুখ দেখাইছিল কেংগাৰু বাহিনীক।

আনহাতে ক্ৰমাগতভাৱে পাকিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হৈছে শ্ৰীলংকান দলটো। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া এই মেচখন যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে দুয়োটা দলৰ বাবেই।

উল্লেখ্য যে, -১.৮৪৬ পইন্টেৰে নেট ৰাণ ৰেটৰ তালিকাত একেবাৰে শেষৰ স্থানত আছে ৫ বাৰকৈ বিশ্ববিজয়ী অষ্ট্ৰেলিয়া ইয়াৰ বিপৰীতে -১.৬১৬ পইন্টেৰে তালিকাৰ অষ্টম স্থানত আছে শ্ৰীলংকা। টুৰ্ণামেন্টত আগবাঢ়িবলৈ হ'লে দুয়োটা দলৰ বাবেই এই মেচত জয় লাভ কৰাটো অত্যন্ত জৰুৰী।

'বিশ্বকাপ'২৩'ৰ প্ৰথমটো জয়ৰ যুঁজত নামিব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা
গোৱালপাৰাত বনৰীয়া হাতীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in