নিজ কন্যাৰ ওপৰত নজৰ ৰখা বাবেই কাৰাদণ্ড মাতৃক

নিজ কন্যাৰ ওপৰত নজৰ ৰখা বাবেই কাৰাদণ্ড মাতৃক

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলাক নিজৰ প্ৰাপ্তবয়স্ক কন্যাৰ ওপৰত নজৰ ৰাখি হাৰাশাস্তি কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। 'দ্য ইণ্ডিপেনদেন্ট' নামৰ বাতৰি প্ৰতিস্থানটোৱে প্ৰকাশ কৰা বাতৰি অনুসৰি দোষী সাব্যস্ত হোৱা মাতৃগৰাকীক ৬মাহৰ কাৰাদণ্ড আৰু ২বছৰৰ পৰীক্ষামূলক শাস্তি বিহা হৈছে। ডায়েজিয়ন জিলা আদালতৰ নথি অনুসৰি ৫০ বছৰীয়া মাতৃগৰাকীৰ বিৰুদ্ধে দিয়া হাৰাশাস্তিৰ গোচৰৰ সৈতে ৩০৬টা টেক্সট মেছেজ আৰু ১১১টা ফোন কল জড়িত হৈ আছে।

অভিযোগ অনুসৰি মাতৃগৰাকীৰ প্ৰাৰম্ভিক মেছেজবোৰ স্বাভাৱিক আছিল। তাৰ বেছিভাগেই আছিল বাইবেল পঢ়িবলৈ পৰামৰ্শ দিয়া বা অৱস্থানৰ বিষয়ে সোধা আদি সাধাৰণ অনুৰোধ। কিন্তু দীৰ্ঘদিন ধৰি কন্যাৰ পৰা মেচেজৰ উত্তৰ নোপোৱাত কন্যাৰ যৌন আচৰণৰ ওপৰত অপমানজনক মন্তব্যকে ধৰি মেছেজত অশ্লীল গালি-গালাজ দিয়া আৰম্ভ কৰিছিল মাতৃগৰাকীয়ে।

পৰৱৰ্তীসময়ত মহিলাগৰাকীয়ে নিজৰ কন্যাৰ ওপৰত শাৰীৰিকভাৱে নজৰ ৰাখিবলৈ আৰম্ভ কৰাৰ লগতে কন্যাৰ ঘৰৰ সন্মুখেৰে পাৰ হ’লে উকি মৰাৰ অভিযোগো উঠিছে মাতৃগৰাকীৰ বিৰুদ্ধে।

আৰক্ষীয়ে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো মহিলাগৰাকীয়ে যোৱা জুন মাহত আৰু ৬বাৰকৈ ট্ৰেছপাছ কৰিছিল। তেওঁ এই কাৰ্য্য ইচ্ছাকৃতভাৱে কৰা হোৱা নাছিল বুলি দাবী কৰিছিল যদিও আদালতে তেওঁৰ যুক্তি খাৰিজ কৰে।

ইয়াৰ পিছত আদালতে ছমাহৰ কাৰাদণ্ডৰ লগতে ৪০ ঘণ্টাৰ ‘এণ্টি ষ্টাকিং’ শিক্ষা সম্পূৰ্ণ কৰিবলৈও নিৰ্দেশ দিয়ে।

ষ্ট্ৰেইটছ টাইমছৰ নামৰ সংবাদ প্ৰতিষ্ঠানৰ মতে, দক্ষিণ কোৰিয়াৰ আইন অনুসৰি নজৰ ৰখাৰ বাবে দোষী সাব্যস্ত হোৱা ব্যক্তিয়ে ৩ কোটি ৱন (১৮,৭৮,০০৮ টকা) পৰ্যন্ত জৰিমনা ভৰাৰ উপৰি সৰ্বাধিক ৩ বছৰৰ কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে। ২০২১ চনৰ মাৰ্চ মাহত দেশৰ সাংসদসকলে নজৰ ৰখাৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰে যিখন আইন ২০২১ চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়।

নিজ কন্যাৰ ওপৰত নজৰ ৰখা বাবেই কাৰাদণ্ড মাতৃক
ৰাজপথত দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰা যুৱকে প্ৰহাৰ কৰিলে অধ্যাপকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in