ৰাজপথত দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰা যুৱকে প্ৰহাৰ কৰিলে অধ্যাপকক

ৰাজপথত দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰা যুৱকে প্ৰহাৰ কৰিলে অধ্যাপকক

author-image
Asomiya Pratidin
New Update
ৰাজপথত দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰা যুৱকে প্ৰহাৰ কৰিলে অধ্যাপকক

ডিজিটেল সংবাদ, ডিব্ৰুগড়: ডিব্ৰুগড়ৰ জামিৰা তিনিআলিৰ পৰা বগীবিল সংযোগী পথচোৱাত প্ৰায়েই বাইক আৰু চাইকেলেৰে দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰে একাংশ উদণ্ড যুৱকে। ৰাজপথত বাইক আৰু চাইকেলেৰে দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শন কৰা উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় মৰাণ কলেজৰ অৰ্থনীতি বিভাগৰ সহঃ অধ্যাপক ৰোহিনী চেতিয়া।

Advertisment

উদণ্ড চাইকেল ষ্টান্টকাৰীয়ে অধ্যাপক জনক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ উপৰিও ভাঙিলে অধ্যাপক জনৰ গাড়ী। অধ্যাপক জনক প্ৰহাৰ কৰা দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শনকাৰী কেইজন ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ দীঘলা গাঁৱৰ হেমন্ত গগৈ আৰু জ্যোতিষ্মান বুলি জানিব পৰা গৈছে।

একাংশ দুঃসাহসীক ক্ৰিয়া প্ৰদৰ্শনকাৰী আৰু উদণ্ড যুৱকে এই পথছোৱাৰ কাষতে মদ ভাং আদি খোৱাৰ উপৰিও বহু অসমাজিক কামত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। এই ক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে মটক যুৱ ছাত্ৰ সন্মিলনী বৰবৰুৱা আৰু জামিৰা আঞ্চলিক সমিতিয়ে।

Also Read: সৰ্প দংশনত মৃত্যুঃ ৩দিন বেজালিৰ অন্তত নদীত উটুৱাই দিলে মৃতদেহ

stuntman moran college