সঁচাকৈয়ে কৰাচীৰ চিকিৎসালয়ত ভৰ্তি আছে নেকি দাউদ ইব্ৰাহিম? কোনে কৰিলে হত্যাৰ চেষ্টা...

ম'ষ্ট ৱান্ডেড ডন দাউদ ইব্ৰাহিমক লৈ ছ'চিয়েল মিডিয়াত এক বিশেষ চৰ্চা হৈছে। দাবী কৰা হৈছে যে দাউদক কৰাচীত বিহ কোনোৱে বিহ দিছে। তাৰপাছতে হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক

author-image
Asomiya Pratidin
New Update
কাৰাচীত আছে ড’ন ডাউড ইব্ৰাহিম…

 ডিজিটেল ডেস্কঃ ম'ষ্ট ৱান্ডেড ডন দাউদ ইব্ৰাহিমক লৈ ছ'চিয়েল মিডিয়াত এক বিশেষ চৰ্চা হৈছে। দাবী কৰা হৈছে যে দাউদক কৰাচীত বিহ কোনোৱে বিহ দিছে। তাৰপাছতে হাস্পতালত ভৰ্তি কৰোৱা হয় তেওঁক। হাস্পতালত থকা দাউদৰ অৱস্থা গম্ভীৰ বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াক লৈ কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই।

Advertisment

ছ'চিয়েল মিডিয়াতহে এই খবৰ বিয়পি পৰিছে। দাবী কৰিছে একাংশৰ মতে কোনো অজ্ঞাতলোকে তেওঁক বিহ দিছে। আনহাতে দাউদৰ গেঙত থকা এগৰাকী প্ৰাক্তন সদস্যই কৈছে যে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে দাউদ আৰু কৰাচীৰ এখন চিকিৎসালয়ত চিকিৎসা চলি আছে। প্ৰায় ২ দিন পূৰ্বে তেওঁক ভৰ্তি কৰোৱা হৈছে। সম্পূৰ্ণ নিৰাপত্তাৰ মাজত ৰখা হৈছে তেওঁক। জানিব পৰা মতে দাউদ থকা ফ্ল'ৰলৈ অন্য লোক অহা যোৱা কৰাত নিষেধাজ্ঞা আছে।

অৱশ্যে বিহ দিয়া হৈছে নে নাই এতিয়ালৈকে স্পষ্টকৈ জানিব পৰা হোৱা নাই। মুম্বাই আৰক্ষীয়ে দাউদৰ সম্বন্ধীয় লোকৰ পৰা এই তথ্য জনাৰ চেষ্টা কৰি আছে।

উল্লেখ্য যে, দাউদ ইব্ৰাহিমে ১৯৯৩ মুম্বাইত ধাৰাবাহিক বোমা বিস্ফোৰণ কৰিছিল। তাৰপাছতে তেওঁ ডুবাইলৈ পলাই গৈছিল আৰু পাছত পাকিস্তানত থাকিব লৈছিল। বৰ্তমান পাকিস্তানতে নিজ পৰিয়ালৰ সৈতে থাকে তেওঁ। দাউদৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণ, হত্যা, অপহৰণ, বিভিন্ন অপৰাধ, ড্ৰাগছ, অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহ আদিৰ গোচৰ আছে।

২০০৩ চনত তেওঁ গ্লোবেল টেৰৰিষ্ট হিচাপে ঘোষণা কৰা হৈছিল। ২০১১ চনত এফবিআই আৰু ফৰ্বছে তেওঁক বিশ্বৰ তৃতীয়জন ম'ষ্ট ৱান্টেড হিচাপে ঘোষণা কৰিছিল।

Also Read: ''আসনক লৈ সমস্যা নহয়, বিজেপিক আঁতৰ কৰিবলৈ একত্ৰিত হ'ব বিৰোধী''

dawood ibrahim pakistan