''আসনক লৈ সমস্যা নহয়, বিজেপিক আঁতৰ কৰিবলৈ একত্ৰিত হ'ব বিৰোধী''

''আসনক লৈ সমস্যা নহয়, বিজেপিক আঁতৰ কৰিবলৈ একত্ৰিত হ'ব বিৰোধী''

author-image
Asomiya Pratidin
New Update
''আসনক লৈ সমস্যা নহয়, বিজেপিক আঁতৰ কৰিবলৈ একত্ৰিত হ'ব বিৰোধী''

ডিজিটেল ডেস্কঃ মঙলবাৰে অনুষ্ঠিত হ'ব বিৰোধী মিত্ৰজোট ইণ্ডিয়াৰ বৈঠক। এই বৈঠকত ৰাজ্যসমূহৰ মাজত আসন ভাগ-বতৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱণা আছে। কিয়নো কিছু নেতা ৩১ ডিচেম্বৰৰ আগতেই এই সিদ্ধান্ত লোৱাৰ জোৰ দি আছে। আনহাতে একাংশই বিজেপিক পৰাজয় কৰাৰ বাবে উমৈহতীয়া ৰণনীতি প্ৰস্তুত কৰা কথা কৈছে।

Advertisment

২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৰণনীতি প্ৰস্তুত কৰা। বিকল্প উমৈহতীয়া কাৰ্যসূচী প্ৰস্তুত কৰাত কিমান সফল হয় বিৰোধী সেয়া লক্ষণীয় হ'ব।

সূত্ৰ অনুসৰি সমাজবাদী পাৰ্টি আৰু ডিএমকেৰ দৰে কিছুমান দলে কংগ্ৰেছৰ সৈতে আসন ভাগ-বতৰা চুক্তি চূড়ান্ত কৰিব পাৰে। উল্লেখ্য যে, সমাজবাদী পাৰ্টীয়ে উত্তৰ প্ৰদেশত কংগ্ৰেছক ৮ খন আসন দিবলৈ সাজু, কিন্তু কংগ্ৰেছে অধিক আসন দাবী কৰিছে।

সমাজবাদী পাৰ্টিৰ নেতা শিৱপাল যাদৱে দেওবাৰে সাংবাদিকৰ আগত কয়, বিৰোধী একত্ৰিত হ'ব আৰু দেশৰ পৰা বিজেপিক আঁতৰোৱাৰ কাম সম্পূৰ্ণ কৰিব। আনহাতে আসন ভাগ-বতৰা কৰা বা প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বিষয়ে সিদ্ধান্ত লোৱাত কোনো অসুবিধা নহ'ব বুলি তেওঁ কয়।

অৱশ্যে পশ্চিম বংগ, কেৰালা, পঞ্জাৱ আৰু দিল্লীত মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত অচলাৱস্থা সৃষ্টি হৈছে। কিয়নো কোনোৱে আসন এৰিবলৈ সাজু নহয়। আপে পঞ্জাৱত ইতিমধ্যে আটাইকেইখন আসনত নিৰ্বাচন খেলাৰ সংকেত দিছে।

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। শেহতীয়াকৈ হৈ যোৱা বিধানসভা নিৰ্বাচনত বিৰোধীৰ স্থিতি অতি নিৰাশাজনক। গতিকে এই কম সময়ত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বাধীন চৰকাৰক আঁতৰ কৰাত বিৰোধী কিমান সফল হয় সেয়া সময়ৰ হাতত।

'ইণ্ডিয়া' মিত্ৰজোটৰ এয়া চতুৰ্থখন বৈঠক। বিধানসভা নিৰ্বাচনৰ পাছত এই মিত্ৰজোট কিছু দুৰ্বল হোৱাও পৰিলক্ষিত হৈছে।

Also Read: লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

india bjp