/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/2feb9e31-35ef-4b51-a256-64d174fc4719/108.jpg)
ডিজিটেল ডেস্ক : ক্ৰমাৎ সুস্থিৰ হৈছে মৰুৰ দেশ ডুবাই চহৰৰ পৰিৱেশ। অৱশেষত ডুবাইবাসীয়ে যেন স্বস্তিৰ নিঃশ্বাস এৰিছে। নেৰানেপেৰা বৰষুণে সৃষ্টি কৰা বানপানীৰ সংহাৰী ৰূপৰ পাছত পুনৰ ঘূৰাই পাইছে স্বাভাৱিক জীৱন-যাপন কৰাৰ থল।
প্ৰায় এসপ্তাহ ধৰি বাতিল হৈ থকা বিমান যাত্ৰাত বিভাগে দিছে সেউজ সংকেত। বুধবাৰৰ পৰা যাত্ৰীসকলে যাত্ৰা কৰিব পাৰিব বুলি বিমান প্ৰাধিকৰণে এক জাননী জাৰি কৰিছে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কিছুদিন পূৰ্বে সংযুক্ত আৰবৰ একাধিক দেশত প্ৰায় দুবছৰৰ অন্তত অহা মূষলধাৰ বৰষুণে সংহাৰী ৰূপ ধাৰণ কৰিছিল। ২৪ঘণ্টা ধৰি অহা নেৰানেপেৰা বৰষুণে ডুবাই, ওমান আদিৰ লোকসকলৰ জীৱন যাত্ৰা ব্যাহত কৰি তুলিছিল। যাৰ ফলত ঘৰৰ মানুহ ঘৰতে দিন কটাবলগীয়া পৰিস্থতিতিৰ সন্মুখীন হ'ব লগা হৈছিল। ৰাস্তা-ঘাট, বাট-পথ আদিকে ধৰি সকলোতে পানী আৰু পানী।
প্ৰায় এসপ্তাহৰ পাছত এতিয়া চহৰখনৰ পৰিৱেশ কিছু সুস্থিৰ হৈছে। সেয়ে যাতায়তৰ ক্ষেত্ৰত প্ৰশাসনে কিছু শিথিলতা জাৰি কৰিছে। বিমান উৰণৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি যাত্ৰীসকলক গন্তব্যস্থললৈ যোৱাৰ বাবে সেউজ সংকেত প্ৰদান কৰিছে।
উল্লেখ্য যে বিভিন্ন দেশৰ যাত্ৰীসকলে বানপানীৰ সময়ছোৱাত বিমান বন্দৰতে অনাহাৰে-অনিদ্ৰাই জীৱন যাপন কৰিব লগা পৰিস্থিতি হৈছিল। এতিয়া আৰু সেই পৰিস্থিতি নাই। কিয়নো প্ৰশাসনে নিধেষধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পাছত যাত্ৰীসকলৰ মুখত বিৰিঙি উঠিছে হাঁহি।
উল্লেখ কৰা প্ৰয়োজনীয় যে বানপানীৰ সময়ত ডুবাইৰ পৰা আন আন প্ৰান্তলৈ যোৱা ২,১৫৫ খন বিমান বাতিল কৰা হৈছিল। ইয়াৰোপৰি ১১৫ খন বিমানৰ পথ সলনি কৰা হৈছিল।
Also Read: নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us