নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন

নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন

ডিজিটেল সংবাদ,গুৱাহাটী : নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। ৩৯ সংখ্যক শালবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন এইবেলি ২৭ আৰু ২৮ এপ্ৰিলত শালবাৰী বিহু বাকৰিত উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে বুলি আয়োজনক সমিতিয়ে জনায়।

কাৰ্যসূচী অনুযায়ী ২৭ এপ্ৰিলৰ পুৱা ৮-৩০ বজাত বিহু পতাকা উত্তোলন কৰিব সন্মিলনৰ সভাপতি তথা সাহিত্যিক পেন্সনাৰ কমল কলিতাই । ইয়াৰ পিছত ক্ৰমে শ্বহীদ তৰ্পণ কৰিব শ্বহীদ মাতৃ প্ৰভাবালা দাসে।

সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব সমাজসেৱক মহেন্দ্ৰ ভাগৱতীয়ে। খেল-ধেমালি প্ৰতিযোগিতা উদ্ধোধন কৰিব অধিবক্তা বিল্লাল হুছেইনে । বিয়লি ২-০০বজাত আধুনিক নৃত্য প্ৰতিযোগিতা উদ্ধোধন কৰিব শিল্পী ড০ ৰূপা ডেকা পাটৰে ।

ইয়াৰ পাছতে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধনী অনুষ্ঠানত দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী পৌৰ নিগমৰ উপ-মেয়ৰ স্মিতা ৰয়, লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰণজিৎ দত্ত, কবিতা শৰ্মা আৰু সাহিত্যিক ৰত্নেশ্বৰ বসুমতাৰী উপস্থিত থাকিব। আনহাতে ২৮এপ্ৰিলৰ পুৱা ৯-০০ বজাত চিত্ৰাংকণ প্ৰতিযোগিতা উদ্ধোধন কৰিব চন্দ্ৰপ্ৰভা বৰুৱাই।

দিনৰ ১২-০০ বজাত ভেশচন প্ৰতিযোগিতা মুকলি কৰিব চবিন কাকতিয়ে। ৪-৩০ বজাত সাজপাৰ প্ৰতিযোগিতা উদ্ধোধন কৰিব ৰাখি বৰাই । সন্ধিয়া ৫-৩০ বজাত কমল কলিতাই সভাপতিত্ব কৰিবলগীয়া বিহুৰ সম্ভাষণ প্ৰদান আৰু মুকলি সভাত সাংবাদিক দীপক শৰ্মা, লেখিকা পুতুলী ঠাকুৰীয়া মেধি, মনোজ নাথ আৰু অসম মীন উন্নয়ন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধিয়ে বিশিষ্ট অতিথি হিচাপে অংশ ল'ব ।

৭-০০বজাত সাংস্কৃতিক মঞ্চ উদ্ধোধন কৰিব ডা: প্ৰাকৃতিশ বৰাই । ইয়াৰ পিছতে হ'বলগা বৰ্ণিল অনুষ্ঠানত দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী প্ৰমুখ্যে ভালেমান শিল্পীয়ে অংশ ল'ব ।

নুনমাটিৰ শালবাৰীত বৰ্ণিল কাৰ্যসূচীৰে ৰঙালী বিহু সন্মিলনৰ আয়োজন
ঢকুৱাখনাত প্লাষ্টিকজাত সামগ্ৰী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in