/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/84685918-1625-4826-9b77-b68bf66b00b3/hasina_15.jpg)
বেইজিঙৰ আগ্ৰহৰ পাছতো চীন ভ্ৰমণৰ পূৰ্বে পুনৰ দিল্লীলৈ শ্বেইখ হাছিনা...
মাছুম বিল্লাহ, ঢাকাঃ চীন ভ্ৰমণলৈ যোৱাৰ পূৰ্বে পুনৰ নতুন দিল্লীলৈ যাত্ৰা কৰিব বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ। তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ নতুন দিল্লী ভ্ৰমণ কৰা হাছিনাই পুনৰ অহা ২১ জুনত নতুন দিল্লী ভ্ৰমণৰ বাবে সাজু হৈছে। ফলত চলিত মাহতে হ’ব এয়া তেওঁৰ দ্বিতীয় ভাৰত ভ্ৰমণ।
মোডীৰ তৃতীয় কাৰ্যকালত এই ভ্ৰমণতে হাছিনাৰ সৈতে হ’ব প্ৰথমখন দ্বিপাক্ষিক বৈঠক। হাছিনাৰ এই ভ্ৰমণ যোৱা জানুৱাৰী মাহতেই নিৰ্ধাৰণ কৰা হৈছিল। ঢাকাই এই বৈঠকৰ বাবে নতুন দিল্লীৰ সৈতে যোগাযোগ কৰিছিল। সেয়ে বেইজিঙে ভাৰত ভ্ৰমণৰ পূৰ্বে চীন ভ্ৰমণ কৰাটো বিচাৰিছিল যদিও পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰিয়েই হাছিনাই প্ৰথমে ভাৰত ভ্ৰমণ কৰিব। তাৰ পাছতহে চীনলৈ যাব।
জানিব পৰা মতে হাছিনাৰ এইবাৰৰ ভাৰত ভ্ৰমণ তিনি দিনীয়া হ'ব। এই ভ্ৰমণৰ সময়ত হাছিনা আৰু মোডীৰ বৈঠক ২২ জুনত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, ২০০৯ ত শ্বেইখ হাছিনাৰ নেতৃত্বত আৱামী লীগ বাংলাদেশৰ ক্ষমতালৈ অহাৰ পাছতে যোৱা ১৫ বছৰত বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক গাঢ় হৈছে। যাতায়ত, বিদ্যুৎ সহযোগিতা, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। তাৰ মাজতো অমীমাংসিত হৈ আছে কিছু সমস্যা।
বাংলাদেশৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰ হৈছে নিৰাপত্তা। বাংলাদেশে ইতিমধ্যে নিৰাপত্তাৰ ক্ষেত্ৰত নিশ্চিয়তা প্ৰদান কৰিছে। আনহাতে, বাংলাদেশৰ প্ৰাথমিকতা হৈছে পানী। এই ক্ষেত্ৰত তিস্তা আৰু অন্যান্য নদীৰ পানী ভাগ-বতৰাৰ ক্ষেত্ৰত কিছু জটিলতা আছে। ইয়াৰোপৰি দুয়ো দেশৰ সীমান্তত সংঘটিত হোৱা কেতবোৰ ঘটনা আৰু বাণিজ্যিক ক্ষেত্ৰত শুক্লবিহীন বাধাক লৈ আছে জটিলতা। এই সমস্যাবোৰৰ সন্দৰ্ভত আগন্তক ভাৰত ভ্ৰমণৰ সময়ত আলোচনাৰ সম্ভাৱনা আছে।
ইফালে অহা ৯ জুলাইত হাছিনা চীন ভ্ৰমণৰ বাবে যোৱাৰ কথা। বেইজিঙত বাংলাদেশ আৰু চীনৰ দুই প্ৰধানমন্ত্ৰীৰ মাজত দ্বিপাক্ষীক বৈঠক অনুষ্ঠিত হ’ব। তাৰ মাজতে হাছিনাই সাক্ষাত কৰিব চীনৰ ৰাষ্ট্ৰপতি জিনিপিঙক।
হাছিনাৰ এই চীন ভ্ৰমণ কেৱল বাংলাদেশৰ বাবেই নহয়, ভাৰতৰ বাবেও গুৰুত্বপূৰ্ণ। সাম্প্ৰতিক সময়ত বাংলাদেশ আৰু ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত নানান ধৰণে চীনৰ প্ৰসংগ উত্থাপিত হৈছে। ফলত বাংলাদেশে এই দুই চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰাসাম্য ৰক্ষা কৰিবলগীয়া হয়।
বাংলাদেশে যোৱা মে’ মাহত চীনৰ সৈতে প্ৰথম প্ৰতিৰক্ষা অনুশীলন অনুষ্ঠিত কৰাৰ কথা আছিল। এপ্ৰিল মাহতে এই বিষয়ে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। অৱশ্যে সময়ত সেই যুটীয়া অনুশীলন অনুষ্ঠিত নহ’ল।
আনহাতে বাংলাদেশৰ ব্যয়বহুল তিস্তা প্ৰকল্পত বিনিয়োগ কৰিবলৈ আগ্ৰহী আছিল চীন। কিন্তু ভাৰতে চীনৰ বিনিয়োগত উদ্বেগ প্ৰকাশ কৰাত এই ক্ষেত্ৰতো বাংলাদেশে নীৰৱতা অৱলন্বন কৰিছে। জানিব পৰা মতে ভাৰতে এই প্ৰকল্পত বিনিয়োগ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বেইজিঙত এই প্ৰকল্পৰ বিষয়টোৱেও স্থান লাভ কৰা সম্ভাৱনা আছে।
Also Read: ফৰেনছিক পৰীক্ষা সম্পূৰ্ণ নহওঁতেই হেৰাল শ্বীনা বৰাৰ কংকালঃ কোনে নষ্ট কৰিছে প্ৰমাণ?