ফৰেনছিক পৰীক্ষা সম্পূৰ্ণ নহওঁতেই হেৰাল শ্বীনা বৰাৰ কংকালঃ কোনে নষ্ট কৰিছে প্ৰমাণ?

ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই জনালে ন্যায়ালয়ক

author-image
Asomiya Pratidin
New Update
ফৰেনছিক পৰীক্ষা সম্পূৰ্ণ নহওঁতেই হেৰাল  শ্বীনা বৰাৰ কংকালঃ কোনে নষ্ট কৰিছে প্ৰমাণ?

ফৰেনছিক পৰীক্ষা সম্পূৰ্ণ নহওঁতেই হেৰাল শ্বীনা বৰাৰ কংকালঃ কোনে নষ্ট কৰিছে প্ৰমাণ?

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে শ্বীনা বৰা হত্যাকাণ্ড। এইবাৰ অন্তৰ্ধান হ’ল শ্বীনা বৰাৰ মৃতদেহৰ অৱশিষ্ট কংকাল। উল্লেখ্য যে, ২০১২ চনতে সংঘটিত হোৱা দেশ কপাই যোৱা শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰ এতিয়াও চলি আছে।

Advertisment

এই গোচৰৰ অন্যতম মূল অভিযুক্ত তথা শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰাণী মুখাৰ্জী ২০২২ চনত জামিনত মুকলি আকাশৰ তললৈ আহিছে। প্ৰায় এটা দশক ধৰি ন্যায়ালয়ত বিচাৰাধীন এই গোচৰটোক লৈ ৰহস্যৰ অন্ত নাই।

এইবাৰ শ্বীনা বৰাৰ মৃতদেহৰ অৱশিষ্ট কংকাল অন্তৰ্ধান হোৱা বিষয়টোৱে আকৌ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই কংকাল আৰক্ষীয়ে ফৰেনছিক পৰীক্ষাৰ বাবে জে জে হাস্পতাললৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পৰাই এই কংকাল হেৰাইছে বুলি জানিব পৰা গৈছে।

ফলত গোচৰটোৰ প্ৰমাণ নষ্ট কৰাৰ ষড়যন্ত্ৰত কোনো লিপ্ত হোৱটো নিশ্চিত হৈছে। ন্যায়ালয়ত এই বিষয়ে অৱগত কৰিছে খোদ ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই। ন্যায়ালয়ক ইন্দ্ৰাণীৰ অধিবক্তা ৰঞ্জিত চাংগেলে জনাইছে মুম্বাই আৰক্ষী আৰু চি বি আয়ে সংগ্ৰহ কৰা মৃতদেহৰ অৱশিষ্টৰ অন্যতম প্ৰমাণ কংকাল হেৰাইছে।

চি বি আয়ে এই কংকাল শ্বীনা বৰাৰ বুলি দাবী কৰি আহিছিল যদিও এই পৰ্যন্ত অৱশ্যে এয়া শ্বীনা বৰাৰ হয় নে নহয় সেয়া স্পষ্ট হোৱা নাই। গুৰুতপূৰ্ণ কথাটো হ’ল অহা ২৭ জুনত এই হত্যাকাণ্ডৰ গোচৰৰ পৰৱৰ্তী শুনানি আছে।

এই শুনানিতে কংকালটোৰ ফৰেনছিক প্ৰতিবেদন দাখিল হোৱাৰ সম্ভাৱনা আছিল। কিন্তু এই ফৰেনছিক প্ৰতিবেদন সম্পূৰ্ণ হোৱাৰ পূৰ্বেই সন্ধানহীন হ’ল।

ইফালে জে জে হাস্পতালৰ পৰা কেনেকৈ এই কংকাল হেৰাল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। হাহাকাৰ লাগিছে হাস্পতাল কৰ্তৃপক্ষৰ মাজত। জানিব পৰা মতে হাস্পতালখনৰ ফৰেনছিক বিশেষজ্ঞ ডাঃ জেবা খানে ইয়াৰ পৰীক্ষা চলাই আছিল।

কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা বাকী থকাৰ বাবে এই কংকাল প্ৰকৃততে শ্বীনা বৰাৰ হয়নে নহয় সেই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা হোৱা নাছিল। সেয়ে এতিয়া কোনে আৰু কিয় এই কংকাল এইদৰে অন্তৰ্ধান কৰিলে তাক লৈ সৃষ্টি হৈছে ৰহস্য। এই পৰীক্ষা অবিহনে কিদৰে এতিয়া সেই কংকাল শ্বীনা বৰাৰ হয় নে নহয় সেয়া প্ৰমাণিত হ'ব তাক লৈয়ো প্ৰশ্নৰ সৃষ্টি হৈছে। জানিব পৰা মতে এতিয়া এই গোচৰৰ তদন্তৰ আওঁতালৈ আহিব ফেৰনছিক বিশেষজ্ঞ ডাঃ জেবা খানো।  

উল্লেখ্য যে, শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰত আৰক্ষীয়ে যিসকল লোকক গ্ৰেপ্তাৰ কৰিছিল সেইসকলৰ ভিতৰত অন্যতম আছিল চালক শ্যামবৰ ৰায়। এই শ্যামবৰ ৰায়েই আৰক্ষীৰ জিম্মাত স্বীকাৰ কৰিছিল শ্বীনা বৰাক হত্যা কৰাৰ কথা।

তেওঁ আৰক্ষীক জানিবলৈ দিছিল প্ৰথমে শ্বীনা বৰাক গাড়ীৰ ভিতৰত ডিঙি চেপি হত্যা কৰা হৈছিল। পৰৱৰ্তী সময়ত ৰায়গড়ৰ গাগোড়ে গাঁৱৰ অতব্য অৰণ্যত জ্বলাই দিয়া হৈছিল সেই মৃতদেহ।

এই অৰণ্যতে উদ্ধাৰ হোৱা মৃতদেহৰ অৱশিষ্ট কংকাল শ্বীনা বৰাৰ বুলি দাবী কৰিছিল এই চালকজনেই। তেওঁৰ দৰেই ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ স্বামী সঞ্জীৱ খান্নায়েও আৰক্ষীৰ আগত শ্বীনা বৰাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।

অতি লক্ষণীয় কথাটো হ’ল ২০১২ ত সংঘটিত হোৱা এই হত্যাকাণ্ডৰ বিষয়ে ২০১৫ তে পোহৰলৈ আহিছিল যদিও আজিও এই হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে দাবী কৰি আহিছে জীয়াই আছে শ্বীনা বৰা। জামিনত মুকলিৰ পূৰ্বে ন্যায়ালয়তো তেওঁ শ্বীনা বৰাক ভাৰতৰে কোনোবা এটা প্ৰান্তত কোনোবাই প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছিল। ইয়াৰোপৰি তেওঁ দাবী কৰি আহিছে আমেৰিকাত সুস্থ অৱস্থাতে আছে শ্বীনা বৰা।

Also Read: IIT খড়গপুৰত কোনে গুলীয়াইছিল তিনিচুকীয়াৰ ফাইজানক ! ফৰেনছিক প্ৰতিবেদনত বিস্ফোৰক তথ্য...

শ্বীনা বৰা হত্যাকাণ্ড ইন্দ্ৰাণী মুখাৰ্জী