ভাৰত-বাংলাদেশৰ মাজত সাতখন বুজাবুজি চুক্তি স্বাক্ষৰিত...

নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদী আৰু হাছিনাৰ নেতৃত্বত ভাৰত-বাংলাদেশৰ প্ৰতিনিধি পৰ্যায়ৰ এক আলোচনা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
ভাৰত-বাংলাদেশৰ মাজত সাতখন বুজাবুজি চুক্তি স্বাক্ষৰিত...

ডিজিটেল ডেস্ক : দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ হাছিনাৰ উপস্থিতিত ভাৰত আৰু বাংলাদেশে মঙলবাৰে সাতখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে।

Advertisment

নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদী আৰু হাছিনাৰ নেতৃত্বত ভাৰত-বাংলাদেশৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা আৰম্ভ কৰা হয়। আলোচনা চক্ৰৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীক পুষ্পস্তৱক অৰ্পণ কৰে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি কয় যে সংযোগ, শক্তি, জলসম্পদ, বাণিজ্য আৰু বিনিয়োগ, সীমান্ত ব্যৱস্থাপনা আৰু নিৰাপত্তা, উন্নয়ন অংশীদাৰীত্ব আৰু আঞ্চলিক আৰু বহুপাক্ষিক বিষয় সম্পৰ্কীয় বিষয়সমূহ আলোচনাত সামৰি লোৱা হৈছে।

চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ হাছিনাৰ সৈতে যুটীয়া সংবাদমেল সম্বোধন কৰি মোদীয়ে কয় যে, "ভাৰত আৰু বাংলাদেশৰ মাজত বিদ্যুৎ পৰিবহন লাইনৰ ক্ষেত্ৰতো আলোচনা চলি আছে।"

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই মন্তব্য আগবঢ়াই যে "ভাৰত আমাৰ বন্ধু। যেতিয়াই মই ইয়ালৈ আহো, ই মোৰ বাবে আনন্দদায়ক, বিশেষকৈ আমাৰ মুক্তি যুদ্ধৰ সময়ত ভাৰতে আগবঢ়োৱা অৱদানৰ কথা আমি সদায় মনত পেলাও। আমাৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, আমি ইজনে সিজনৰ সৈতে সহযোগিতা কৰি আছো।"

india meeting bangladesh pm