
ডিজিটেল ডেস্কঃ ইজৰাইল-হামাস যুদ্ধৰ মাজতে গাজাৰ লোকসকললৈ মানৱীয় সহায় প্ৰেৰণ কৰিছে ভাৰতে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট কৰি জনাই যে ভাৰতে গাজাৰ লোকসকললৈ সাহায্য প্ৰেৰণ কৰিছে।
বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে, "পেলেষ্টাইনৰ লোকসকলৰ বাবে প্ৰায় ৬.৫ টন চিকিৎসা সাহায্য আৰু ৩২ টন জৰুৰীকালীন সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে। এই সামগ্ৰীখিনি লৈ এখন আইএএফ চি-১৭ বিমান ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰলৈ ৰাওনা হৈছে।
গাজালৈ সহায়ৰ ভিতৰত আছে অত্যাৱশ্যকীয় ঔষধ, অস্ত্ৰোপচাৰৰ যোগান, তম্বু, টিৰপাল, বিশুদ্ধ খোৱা পানী আদি। অনাময় সুবিধা, পানী বিশুদ্ধ কৰা টেবলেট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।
আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল, ইজিপ্ত আৰু ৰাষ্ট্ৰসংঘৰ মাজত হোৱা আলোচনাৰ পিছত ইজিপ্ত আৰু গাজাৰ মাজৰ ৰাফা ক্ৰছিং পইণ্ট দুসপ্তাহৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে সহায়ৰ বাবে মুকলি কৰা হয়। ইয়াৰ পাছতে গাজাৰ লোকসকললৈ সহায় প্ৰেৰণ কৰা হৈছে।
উল্লেখ্য যে, ইজৰাইল-হামাছৰ যুদ্ধ এতিয়াও অব্যাহত আছে। বৰ্তমানলৈকে ইজৰাইলত ১০০০ তকৈ অধিক লোকৰ মৃত্যু হোৱাৰ উপৰি পেলেষ্টাইনত ৪০০০ তকৈ অধিক লোকৰ মৃত্যু হৈছে। ইয়াৰোপৰি বহু লোক আঘাত প্ৰাপ্ত আৰু বহু গৃহহীন হৈ পৰিছে এই যুদ্ধৰ ফলত।