/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/3434770a-36e1-45f6-a04d-98a7ce536806/cgff.jpg)
ডিজিটেল ডেস্কঃ চিয়াচেনত কৰ্তব্যৰত অৱস্থাত এজন অগ্নিবীৰে মৃত্যুক সাৱতি লয়। সেনাৰ লেহত অৱস্থিত ফায়াৰ এণ্ড ফিউৰী কৰ্পছে দেওবাৰে এই তথ্য প্ৰদান কৰে। সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে আৰু সকলো পৰ্যায়ৰ কৰ্মীয়ে মহাৰাষ্ট্ৰৰ অগ্নিবীৰ গৱতে অক্ষয় লক্ষ্মণৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কাৰাকোৰাম পৰ্বতমালাত প্ৰায় ২০,০০০ ফুট উচ্চতাত অৱস্থিত চিয়াচেন পৃথিৱীৰ সৰ্বোচ্চ সামৰিক অঞ্চল বুলি জনা যায়। ইয়াত সৈন্যসকলে অত্যাধিক ঠাণ্ডা আৰু ঠাণ্ডা বতাহৰ সৈতে যুঁজিব লগা হয়।
অৱশ্যে এতিয়ালৈকে অক্ষয় লক্ষ্মণৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ।
Also Read: মহিলাক মৰিয়াই মৰিয়াই হত্যা দুৰ্বৃত্তৰ