ৰমজানক লৈ চৌদী আৰৱৰ ডাঙৰ সিদ্ধান্তঃ ল'ব নোৱাৰে আৰ্থিক অনুদান, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰে নামাজৰ দৃশ্য

ৰমজানক লৈ চৌদী আৰৱৰ ডাঙৰ সিদ্ধান্তঃ  ল'ব নোৱাৰে আৰ্থিক অনুদান, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰে নামাজৰ দৃশ্য

ডিজিটেল ডেস্কঃ ৰমজানৰ পূৰ্বে ইছলামিক দেশ চৌদি আৰৱে ইফটাৰক লৈ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইছলামিক দেশখনে মছজিদৰ ভিতৰত ইফটাৰ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। ইছলামিক কেলেণ্ডাৰৰ নৱমটো মাহত ৰমজান হয়, যাক সকলোতকৈ পবিত্ৰ মাহ হিচাপে গন্য কৰা হয়। এই বছৰৰ ৰমজান ১০ মাৰ্চৰ পৰা আৰম্ভ হৈ ৭ এপ্ৰিলত সমাপ্ত হ'ব।

ৰমজানৰ সময়ত মুছলমান ধৰ্মাৱলম্বী লোকসকলে পুৱাৰ পৰা সন্ধিয়ালৈকে উপৱাস থাকে। সূৰ্য অস্ত যোৱাৰ পাছত তেওঁলোকে যি খাদ্য গ্ৰহণ কৰে সেয়া ইফটাৰ বুলি কোৱা হয়। বহুলোকে ইফটাৰ মছজিদত আয়জন কৰে। কিন্তু চৌদী আৰৱে ৰমজানৰ সময়ত মছজিদত ইফটাৰ গ্ৰহণ কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে।

২০ ফেব্ৰুৱাৰী ২০২৪ ত ইছলামিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা জাননীত কয় যে,চৌদি আৰৱ চৰকাৰে মছজিদৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা ভাবি মছজিদৰ ভিতৰত ইফটাৰ কাৰ্যসূচী অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে।

পোষ্টটোত কোৱা হৈছে যে মছজিদৰ ইমাম আৰু মুয়েজ্জিনসকলে মছজিদৰ বাহিৰত ইফটাৰৰ ব্যৱস্থা কৰিব লাগে। লগতে এয়াও কৈছে যে ইফটাৰৰ বাবে কোনো অস্থায়ী টেন্ট লগাব নালাগে। ইফটাৰ ইমাম আৰু মুয়েজ্জিনৰ দায়িত্ব। মছজিদ পৰিষ্কাৰকৈ ৰখাৰ দায়িত্বও তেওঁলোকৰ।

মন্ত্ৰালয়ে নিৰ্দেশ দিছে যে মছজিদ কৰ্তৃপক্ষই ইফটাৰৰ বাবে অনুদান গ্ৰহণ কৰিব নোৱাৰে। ইমাম আৰু মুয়াজ্জিনসকলক ইফতাৰৰ বাবে বিত্তীয় অনুদান নল'বলৈ নিৰ্দেশ দিছে চৌদি আৰৱ চৰকাৰে।

মছজিদ চৌহদত কেমেৰা আৰু মোবাইল ফোনৰ ব্যৱহাৰ বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। লগতে, সামাজিক মাধ্যমৰ জৰিয়তে নামাজৰ দৃশ্য শ্বেয়াৰ কৰাতো নিষেধাজ্ঞা জাৰি কৰিছে।

ৰমজানক লৈ চৌদী আৰৱৰ ডাঙৰ সিদ্ধান্তঃ  ল'ব নোৱাৰে আৰ্থিক অনুদান, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰে নামাজৰ দৃশ্য
নগাঁৱত দুটা দিনত ৩৮টাকৈ পথ আৰু নলাৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in