নগাঁৱত দুটা দিনত ৩৮টাকৈ পথ আৰু নলাৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁৱত দুটা দিনত ৩৮টাকৈ পথ আৰু  নলাৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

ডিজিটেল সংবাদ ,নগাঁও: "মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি" ২০২৩-২৪বৰ্ষৰ অধীনত নগাঁও -বটদ্ৰৱা সমষ্টিৰ বিভিন্ন স্থানত দেওবাৰে সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই ১০টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। তাৰ পাছতে সোমবাৰে পুনৰ সমষ্টিটোত ২৮ টাকৈ পথ আৰু নলাৰ আধাৰশিলা স্থাপন কৰে।

নতুনকৈ নিৰ্মাণ হ'বলগীয়া পথ আৰু নলা সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত উপকৃত কৰা লগতে নলা,নৰ্দমা সমস্যা দূৰীকৰণৰ বাবে দুটা দিনত আমি নগাঁও -বটদ্ৰৱা সমষ্টিত ৩৮ টাকৈ উন্নয়ন মূলক কামৰ আধাৰশিলা স্থাপন কৰিছো। নগাঁৱত এতিয়া উন্নয়ন মূলক কামৰ জোৱাৰ উঠিছে বুলি উল্লেখ কৰি বিধায়ক শৰ্মাই সমষ্টিটোত পথ আৰু নলা সমূহ নিৰ্মাণৰ বাবে পূঁজি আবণ্টন দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি উন্নয়ণৰ যাত্ৰা ,সেই উন্নয়নৰ যাত্ৰাত অংশীদাৰ হ'বলৈ ৰাইজক আহ্বান জনাই বিধায়ক গৰাকীয়ে।

উল্লেখযোগ্য যে ,বিধায়ক শৰ্মাই কালিৰ দিনটোত সমষ্টিটোৰ বিভিন্ন স্থানত ১০ টাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপনৰ পিছত আজি নগাঁও চহৰত বিভিন্ন স্থানত ২৮টা পথ আৰু নলাৰ আধাৰশিলা স্থাপন কৰে বিধায়ক শৰ্মাই।

"মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি" ২০২৩-২৪বৰ্ষৰ অধীনত আজিৰ দিনটোত নগাঁও চহৰৰ বিভিন্ন স্থানত আধাৰশিলা স্থাপন কৰা ২৮টা পথ আৰু নলা ক্ৰমে: তেলিয়াপট্টি চাৰিআলিৰ পৰা মাজৰ‌আটি চাৰিআলিলৈ পথৰ কাষেৰে পকী নলা, ত্ৰিবেণী পথ আৰু পকী নলা,মাধৱ দেৱ পথৰ কাষেৰে পকী নলা,পানীৰাম বৰা পথৰ কাষেৰে পকী নলা,তৰুণৰাম ফুকন পথত ৰামকৃষ্ণ পল্লী উপ-পথৰ সৈতে পকী নলা, ললিত বৰুৱা পথৰ কাষেৰে পকী নলা,শান্তিপুৰ উপ-পথৰ গুহ গলিৰ ,লক্ষ্মীনাথ বেজবৰুৱা পথৰ দুয়োফালে কাষত নলা, ভূঞাপট্টি দলঙৰ পৰা কবৰস্থানলৈ পথৰ কাষেৰে পকী নলা ,ৰুদ্ৰৰাম বৰুৱা পথৰ পৰা কলঙলৈ পকী নলা ,নামঘৰ পথৰ উপ-পথ , নামঘৰ পথৰ ১নং উপ-পথ,নামঘৰ পথৰ ২নং উপ-পথ ,নামঘৰ পথৰ ৩নং উপ-পথ ,নামঘৰ পথৰ ৪নং উপ-পথ ,নামঘৰ পথৰ ৫নং উপ-পথ ,নামঘৰ পথৰ ৬নং উপ-পথ ,নামঘৰ পথৰ ৭নং উপ-পথ ,লক্ষীনগৰ পি ডব্লিউ বি কলনি পথ ,আনন্দৰাম বৰুৱা পথৰ বহলীকৰন ,পুৰণি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে পকী পথৰ সম্প্ৰসাৰণ , হেমকান্ত ৰাজখোৱা পথ , খুটিকটীয়া ট্ৰাইবেল কলনী পথ, পুৰণি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন শংকৰদেৱ পথৰ, ৰবীন বৰদলৈ পথৰ উন্নীতকৰণ, ইছলাম পট্টি কাৱৈমাৰী সংযোগী পথ আৰু পকী নলা ,১নং মোলাপট্টিৰ ৩নং উপ-পথ,কৃষ্ণ মোহন বিদ্যালয়ৰ পৰা তেলিয়াপট্টি সংযোগী পথ ।

আজি পথ আৰু নলাৰ আধাৰশিলা অনুষ্ঠানত বিধায়ক শৰ্মাৰ লগতে নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ,উপ পৌৰপতি সীমান্ত বৰা, জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি শৰ্মা,লোকনিৰ্মান বিভাগৰ বিষয়-ববীয়া সকলৰ লগতে পৌৰআয়ুক্ত সকল ,পৌৰসভাৰ বিষয়-ববীয়া সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

নগাঁৱত দুটা দিনত ৩৮টাকৈ পথ আৰু  নলাৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
জীৱ-জন্তুক খাদ্য দিয়া ভাল কথা, কিন্তু ইয়ে খাদ্য বিচৰা ক্ষমতা নোহোৱা কৰিছেঃ দিল্লী উচ্চ ন্যায়ালয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in