এটা বছৰ স্পৰ্শ কৰিব যুদ্ধই, লালসা কমা নাই ৰাছিয়াৰ

এটা বছৰ স্পৰ্শ কৰিব যুদ্ধই, লালসা কমা নাই ৰাছিয়াৰ

ডিজিটেল ডেস্ক : এটা বছৰ সম্পূৰ্ণ কৰিবৰ হ'ল ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসনে । হাজাৰ হাজৰ লোকৰ জীৱপ বিপন্ন কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাছতো লালসা কমি অহা নাই ৰাছিয়াৰ । ৰাছিয়াৰ প্ৰত্যেকটো আক্ৰমণ সম্পূৰ্ণ শক্তিৰে উফৰাই দিয়াৰ পাছত এইবাৰ মিছাইল আৰু ড্ৰ'নৰ সহায়ত আক্ৰমণ চলাইছে দেশখনে ।

ৰবিবাৰে ইউক্ৰেইনৰ নিপ্ৰো নামৰ অঞ্চলটিৰ এটি অট্টালিকাত আহি পৰা মিছাইল এটাই নিমিষতে হত্যা কৰে ৩০ জন লোকক । প্ৰায় ৭৫ জনৰো অধিক লোক আঘাতপ্ৰাএপ্ত হোৱা এই আক্ৰমণত ভৱিষ্যতলৈ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে ইউক্ৰেইনৰ চৰকাৰে । কিয়নো উদ্ধাৰ অভিযান চলি আছে যদিও ধ্বংসস্তূপৰ মাজত ৪০ জনৰো অধিক লোক আৱদ্ধ হৈ থকা বুলি জানিবলৈ পৰা গৈছে ।

ইউক্ৰেইনৰ বায়ু সেনাই সদৰী কৰা অনুসৰি, বিগত বৰ্ষৰ জুলাই মাহতো একেই মিছাইল ইউক্ৰেইনৰ এটি ব্যস্ত শ্বপিং মলত আহি পৰিছিল যি এক বিস্তৰ ক্ষতি সাধন কৰিছিল ।

উল্লেখ্য যে, এই বিশেষ মিছাইলবিধ কোনো নিৰ্দিষ্ট লক্ষ্যভেদৰ বাবে ব্যৱহাৰ কৰা নহয়, বৰং বিস্তৰ ক্ষতি সাধনৰ বাবেহে ব্যৱহাৰ কৰা হয় । তেনেস্থলত এই কথা স্পষ্ট হৈ পৰে যে আক্ৰমণৰ লক্ষ্য কোনো সামৰিক ঘাটি অথবা তেনে কোনো নিৰ্দিষ্ট অঞ্চল নাছিল বৰং নিৰীহ জনসাধাৰণৰ কথা এবাৰো চিন্তা নকৰাকৈ শতাধিক প্ৰাণ কাঢ়ি লোৱাৰ হে পৰিকল্পনা আছিল ৰাছিয়াৰ ।       

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in