ইউক্ৰেইন নহয়, এইবাৰ ছিৰিয়াত আক্ৰমণ কৰিলে ৰাছিয়াই...

ইউক্ৰেইন নহয়, এইবাৰ ছিৰিয়াত আক্ৰমণ কৰিলে ৰাছিয়াই...

author-image
Asomiya Pratidin
New Update
ইউক্ৰেইন নহয়, এইবাৰ ছিৰিয়াত আক্ৰমণ কৰিলে ৰাছিয়াই...

ইউক্ৰেইন নহয়, এইবাৰ ছিৰিয়াত আক্ৰমণ কৰিলে ৰাছিয়াই...

ডিজিটেল ডেস্কঃ ইউক্ৰেইন নহয়, এইবাৰ ঈদৰ মাজতে ছিৰায়ত আক্ৰমণ চলালে ৰাছিয়াই। দেওবাৰে উত্তৰ-পশ্চিম ছিৰিয়াৰ উত্তৰ-পশ্চিম অঞ্চলৰ এখন চহৰত বোমা নিক্ষেপ কৰিলে ৰাছিয়াৰ যুদ্ধ বিমানে।

Advertisment

ফলত ১২ জনকৈ লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে গুৰুতৰ ভাৱে আহত হৈছে ৩০ জনকৈ লোক। জানিব পৰা মতে ঈদৰ বাবে ছিৰিয়াত বহিছিল বিশেষ বজাৰ। সেই বজাৰতেই আক্ৰমণ চলালে ৰাছিয়াৰ যুদ্ধ বিমানে।

উল্লেখ্য যে, ছিৰিয়াৰ এই অঞ্চলটি বিদ্ৰোহীৰ দখলত আছিল। বিগত কেইবামাহ ধৰি এই বিদ্ৰোহীৰ এলেকাত ৰাছিয়ান সেনাই আক্ৰমণ চলাই আহিছিল বুলিও জানিব পৰা গৈছে।

দেওবাৰে ছিৰিয়াৰ জিছৰ আল-ছাগুৰ নামৰ এখন ফলৰ বজাৰত সুখই যুদ্ধ বিমানেৰে আক্ৰমণ চলাইছিল ৰাছিয়াই। এই বজাৰখনৰ উপৰিও কাষৰীয়া কেইবাখনো গ্ৰামাঞ্চলকো লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিল ৰাছিয়াৰ এই যুদ্ধ বিমানে।

প্ৰাথমিকভাৱে এই বজাৰ এলেকাৰ পৰাই ৯ জনৰ মৃত্যুৰ খবৰ লাভ কৰা গৈছে। অৱশ্যে ছিৰিয়াৰ ফালৰ পৰা এই পৰ্যন্ত হতাহতিৰ সংখ্যা আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰা নাই। অনুমান কৰা হৈছে এই আক্ৰমণত নিহত হৈছে ছিৰিয়াৰ বিদ্ৰোহী নেতা। 

আনহাতে আহতসকলৰ ভিতৰত আৰু বহুতেই প্ৰাণ হেৰুৱাব বুলিও আশংকা কৰা হৈছে। ইফালে এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত মুখ খোলা নাই ৰাছিয়াই। ঘটনাৰ দীৰ্ঘ সময়ৰ মূৰত ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা এক বিবৃতি প্ৰকাশ কৰি কৈছে যে, বিগত কেইবাদিনো হামা আৰু লাটাকিয়া প্ৰদেশৰ সাধাৰণ জনতাৰ ওপৰত আক্ৰমণ চলিছে। বহুতৰে প্ৰাণহানী হৈছে।

ইফালে ৰাছিয়াৰ বায়ু সেনাক ছিৰিয়াৰ সেনাই সহায় কৰা বুলিও জানিব পৰা গৈছে। ইদলিব প্ৰদেশত সন্ত্ৰাসবাদীৰ ঘাঁটি লক্ষ্য কৰি আক্ৰমণ চলাইছে ৰাছিয়ান বায়ু সেনাই। তেওঁলোকক সহায় কৰিছে ছিৰিয়াৰ সেনাই। এই আক্ৰমণত বহু কেইজন বিদ্ৰোহী নেতাৰ মৃত্যু হৈছে। ধ্বংস কৰি পেলোৱা হৈছে বিদ্ৰোহীৰ অস্ত্ৰ ভাণ্ডাৰ।

Also Read: পলাশবাৰীত গণৰোষৰ বলি হৈ এজনৰ মৃত্যু...

ৰাছিয়া ছিৰিয়া