/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e57c9aef-6ce3-4d92-899b-9961c08816fc/polashbari_26.jpg)
পলাশবাৰীত গণৰোষৰ বলি হৈ এজনৰ মৃত্যু...
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ গণৰোষত মৃত্যু হ'ল এজনৰ। ছাগলী চুৰিৰ সন্দেহত এজনক জবাবদিহি কৰাৰ পাছতে সৃষ্টি হয় এই ঘটনা।
জানিব পৰা মতে পলাশবাৰী বৰিহাট ভাল্লাত ছাগলী চুৰি কৰা বুলি এজন লোকৰ বিৰুদ্ধে সন্দেহ আঙুলি উঠিছিল।ছাগলী চুৰি কৰাৰ অভিযোগ উঠিছিল সুৰধ কুমাৰ দাস নামৰ লোকজনৰ বিৰুদ্ধে।
সুৰধ কুমাৰ দাসে অঞ্চলটোৰ পৰা ছাগলী চোৰ কৰাৰ সন্দেহত স্থানীয় দুজন যুৱকে তেওঁক আটক কৰি জবাবদিহি কৰে। ইয়াৰ পাছতে সুৰধ কুমাৰ দাস নামৰ এই লোকজনে তেওঁক জবাবদিহি কৰা দুই যুকক ছুৰীৰে আঘাত কৰে।
ফলত উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। উত্তেজিত ৰাইজে সুৰধ কুমাৰ দাসে দুই যুৱকক ছুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰাৰ অপৰাধত গণ প্ৰহাৰ কৰে। এই গণ প্ৰহাৰতে সুৰধ কুমাৰ দাসৰো মৃত্যু হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: জুৰীয়াত ভয়ংকৰ ঘটনাঃ শিক্ষাৰ্থীকে ধৰি ৯ বাটৰুৱাৰ ওপৰেৰে চলাই নিলে গাড়ী...