যুদ্ধ জিকিবলৈ যিকোনো পন্থা হাতত ল'বলৈ কুন্ঠাবোধ কৰা নাই পুটিনে

যুদ্ধ জিকিবলৈ যিকোনো পন্থা হাতত ল'বলৈ কুন্ঠাবোধ কৰা নাই পুটিনে

ডিজিটেল ডেস্ক : ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই ক্ৰমাৎ কুৎসিত ৰূপ লৈ গৈ আছে । অৱশ্যে এইয়া সঠিক ৰূপত যুদ্ধও নহয়, এইয়া ৰাছিয়াৰ ইউক্ৰেইন আগ্ৰাসন হে । এই আগ্ৰাসনত জিকিবলৈ ক্ৰমে যেন অস্থিৰ হৈ পৰিছে পুটিন । সকলো ধৰণৰ পন্থা এতিয়া অৱলম্বন কৰিবলৈ কুন্ঠাবোধ নকৰে ৰাছিয়াই । ইউক্ৰেইনৰ সাধাৰণ জনতাক হত্যা কৰিবলৈও এতিয়া দ্বিধাবোধ নকৰে ৰাছিয়াই ।

ৰাছিয়াই বিগত কেইবা সপ্তাহ ধৰি অব্যাহত ৰাখিছে হাইপাৰচ'নিক মিছাইলেৰে আক্ৰমণ । এই হাইপাৰচ'নিক মিছাইল হৈছে শব্দতকৈ প্ৰায় ৫ ৰ পৰা ২৫ গুণে বেগী মিছাইল । এই শব্দভেদী মিছাইলেৰে বিগত সপ্তাহত ইউক্ৰেইনস্থিত ইউৰোপৰ সৰ্ববৃহৎ শক্তি উৎপাদন কেন্দ্ৰতো সম্পূৰ্ণ ৰূপে অচল কৰি তোলে ৰ‍াছিয়াই ।

এই সন্দৰ্ভত, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ আইগৰ ক'নাশ্বনেকভে দিয়া ভাষ্য অনুসৰি এই মিছাইলেৰে ইউক্ৰেইনৰ সেনা বিভাগৰ বহু কেইটা অন্যতম প্ৰতিষ্ঠানো ধ্বংস কৰা হৈছে । অৰ্থাৎ ৰাছিয়াই এই সন্দৰ্ভত এতিয়া যেন সকলো ধৰণৰ আক্ৰমণ স্বীকাৰো কৰিবলৈ লৈছে ।

এই নতুন অস্ত্ৰৰ ব্যৱহাৰে যেন এক যুদ্ধৰ এক নতুন দিশৰ সূচনা নকৰে । ইতিমধ্যে ইউৰোপৰ প্ৰায়খিনি দেশেই পৰোক্ষভাৱে হ'লেও যুদ্ধৰ সৈতে জড়িত হৈ পৰিছে । কোনো মূহুৰ্তত এই অংশগ্ৰহণ এছিয়ালৈ বিয়পিব । তাৰ পাছতেই আৰম্ভ হৈ পৰিব ধ্বংসযজ্ঞ । বিশ্বৰ কোনো দেশেই বৰ্তমান যুদ্ধৰ কথা ভাবিব নোৱাৰে । কিন্তু এই কথা ভাবিব নে পুটিনে ?

যুদ্ধ জিকিবলৈ যিকোনো পন্থা হাতত ল'বলৈ কুন্ঠাবোধ কৰা নাই পুটিনে
কাজিৰঙাত অভিলেখ,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙা পৰ্যটনে সম্পূৰ্ণ কৰিলে পাচঁটা মাহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in