কাজিৰঙাত অভিলেখ,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙা পৰ্যটনে সম্পূৰ্ণ কৰিলে পাচঁটা মাহ

কাজিৰঙাত অভিলেখ,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙা পৰ্যটনে সম্পূৰ্ণ কৰিলে পাচঁটা মাহ

ডিজিটেল সংবাদ, কাজিৰঙা : বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত অভিলেখ ৷ বিগত বৰ্ষৰ ২ অক্টোবৰত আৰম্ভ হোৱা কাজিৰঙাৰ ২০২২-২০২৩ পৰ্যটন বৰ্ষৰ পাঁচমাহত কাজিৰঙালৈ আগমন হ’ল ২ লাখ ৪০ হাজাৰ ৯২ গৰাকী দেশী বিদেশী পৰ্যটক ৷ সংগ্ৰহ হোৱা ৰাজহৰ পৰিমান ৫ কোটি ৯৭ লাখ ২৯ হাজাৰ ৪৮০ টকা ৷ সাংবাদিকৰ আগত এই তথ্য প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

তুলনামূলক ভাৱে বিগত বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৩৬ হাজাৰ আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৪৩ লাখ টকা। আনহাতে বিগত পৰ্যটন বৰ্ষত ৯৬৬ গৰাকী বিদেশী পৰ্যটকৰ আগমন হোৱাৰ বিপৰীতে চলিত পৰ্যটন বৰ্ষৰ পাঁচ মাহত কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা ৭ হাজাৰ ১২৬ গৰাকী ৷ বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক কাজিৰঙালৈ আহিছে যদিও চুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ সংখ্যা যথেষ্ট বেছি বুলি মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ৷ আনহাতে নদী পৰ্যটনেও সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত ৷ ইতিমধ্যে বহুকেইখন ৰিভাৰ ক্ৰূজৰ চলাচল আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰত ৷ যাৰ বাবে বিশ্বনাথৰ পৰ্যটনতো আশাৰ সঞ্চাৰ কৰিছে ৷

কাজিৰঙাত অভিলেখ,পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি কাজিৰঙা পৰ্যটনে সম্পূৰ্ণ কৰিলে পাচঁটা মাহ
মহানগৰীৰ পাণবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in