শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধঃ এই পৰ্যন্ত নিহত প্ৰায় ১ লাখ সেনা...

বি বি চিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ভয়াৱহ তথ্য
শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধঃ এই পৰ্যন্ত নিহত প্ৰায় ১ লাখ সেনা...
শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধঃ এই পৰ্যন্ত নিহত প্ৰায় ১ লাখ সেনা...

ডিজিটেল ডেস্কঃ শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধ চলি আছে যোৱা দুবছৰ ধৰি। এই যুদ্ধত দুয়ো পক্ষৰ মিলি মৃত্যু হৈছে প্ৰায় ১ লাখ সেনাৰ। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ এই যুদ্ধই বিশ্ব অৰ্থনীতিত ব্যাপক বিৰূপ প্ৰভাৱ পেলাইছে যদিও দুয়োখন ৰাষ্ট্ৰই যুদ্ধ সামৰি শান্তিৰ বাটলৈ উভতি আহিবলৈ বিচৰা নাই।

দুয়ো ৰাষ্ট্ৰই কেৱল চলাই আছে শেষ নোহোৱা এখন যুদ্ধ। বি বি চিৰ এক প্ৰতিবেদন অনুসৰি এই পৰ্যন্ত ইউক্ৰেইনত ৰাছিয়াৰ ৫০ হাজাৰৰো অধিক সৈন্যৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত এতিয়া ৰাছিয়াই ইউক্ৰেইনত আৰু অধিক শক্তিৰে আক্ৰমণ কৰি বিজয় নিশ্চিত কৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে।

বিবিচিৰ প্ৰতিবেদনখনৰ মতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ প্ৰথম বছৰত যিমানসংখ্যক ৰাছিয়ান সেনাৰ মৃত্যু হৈছিল তাৰ তুলনাত দ্বিতীয় বছৰত মৃত সৈন্যৰ সংখ্যা ২৫ শতাংশ অধিক। এই যুদ্ধৰ দ্বিতীয় বছৰত মৃত সৈন্যৰ সংখ্যা ২৭ হাজাৰ ৩০০।

এইদৰে ৰাছিয়ান সেনাৰ বৃহৎ ক্ষতি হৈছে যদিও ৰাছিয়াই ইউক্ৰেইনলৈ সেনা প্ৰেৰণ কৰিয়েই আছে। দুটা বছৰত বৃহৎ সংখ্যক সেনা হেৰুৱালেও পুটিনে হাৰ মানিব বিচৰা নাই।

এই পৰ্যন্ত ৫০ হাজাৰৰো অধিক সেনাৰ মৃত্যু হৈছে যদিও অৱশ্যে ৰাছিয়াই আনুষ্ঠানিকভাৱে এই সংখ্যা প্ৰকাশ কৰা নাই। ২০২২ ৰ ছেপ্টেম্বৰতেই ৰাছিয়াই এবাৰ মৃত সৈনিকৰ বিষয়ে উল্লেখ কৰিছিল।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি মৃত সৈনিকৰ এই তালিকাত পূৱ ইউক্ৰেইনৰ ৰাছিয়াৰ অধিকৃত ডনটেস্ক আৰু লুহানস্ক অঞ্চলত সশস্ত্ৰ গোটৰ দ্বাৰা নিহিত মৃত সেনাৰ সংখ্যা অন্তৰ্ভুক্ত কৰা হোৱা নাই। যদিও সেই সংখ্যাও ইয়াত অন্তৰ্ভুক্ত কৰা হয় তেন্তে মৃত সেনাৰ সংখ্যাৰ তালিকা আৰু অধিক বৃদ্ধি পাব।

আনহাতে ৰাছিয়াৰ দৰেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনস্কিয়েও মৃত সেনাৰ তথ্য অতি কমকৈহে প্ৰকাশ কৰে। ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি জেলেস্কিয়ে কৈছিল যুদ্ধত এতিয়ালৈকে ইউক্ৰেইনৰ ৩১ হাজাৰ সেনাৰ মৃত্যু হৈছে। কিন্তু আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ দাবী ইউক্ৰেইনৰ মৃত সৈন্যৰ সংখ্যা জেলেনস্কিয়ে কোৱাতকৈ বহু বেছি।

শেষ হোৱাৰ নাম নোলোৱা এখন যুদ্ধঃ এই পৰ্যন্ত নিহত প্ৰায় ১ লাখ সেনা...
মোবাইলৰ ফ্লেছেৰে নলবাৰীৰ পৰা অযোধ্যালৈ ৰশ্মি প্ৰেৰণ কৰিলে বিজেপিয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in