মোবাইলৰ ফ্লেছেৰে নলবাৰীৰ পৰা অযোধ্যালৈ ৰশ্মি প্ৰেৰণ কৰিলে বিজেপিয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত হিমন্ত বিশ্ব শৰ্মাকে ধৰি উপস্থিত নেতা, কৰ্মীয়ে ফ্লেছ জ্বলাই প্ৰেৰণ কৰিলে ৰশ্মি
মোবাইলৰ ফ্লেছেৰে নলবাৰীৰ পৰা অযোধ্যালৈ ৰশ্মি প্ৰেৰণ কৰিলে বিজেপিয়ে

অযোধ্যাৰ ৰাম মন্দিৰত ৰাম লালালৰ বিগ্ৰহত দিলে সূৰ্য তিলক। ইয়াত আঁৰত আছে কেইবাজনো বিজ্ঞানীৰ চিন্তা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নলবাৰীৰ পৰা মোবাইলৰ ফ্লেছ জ্বলাইলৈ অযোধ্যালৈ ৰশ্মি প্ৰেৰণৰ বাবে দিলে আহ্বান। মুখ্যমন্ত্ৰীকে ধৰি সকলোৱে দিলে সহাৰি। এনে কাৰ্যই বিজ্ঞানক চৰম ভেঙুচালি কৰাৰ উঠিছে অভিযোগ। সূৰ্য তিলকৰ আঁৰৰ বিজ্ঞানৰ সন্দৰ্ভতে তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

মোবাইলৰ ফ্লেছ লাইট জ্বলায় ৰাম মন্দিৰৰ সূৰ্য তিলক অনুষ্ঠানলৈ ৰশ্মি প্ৰেৰণ কৰিলে নলবাৰীৰ বিজেপি সমৰ্থকে। আচৰিত হ'লেও এয়াই সত্য। প্ৰধানমন্ত্ৰী মোডীৰ আহ্বান মৰ্মে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিজেপি, অগপৰ নেতা আৰু নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা সকলো নেতা, পালিনেতা তথা সমৰ্থকে মোবাইলৰ ফ্লেছ জ্বলাই অংশ ল'লে অযোধ্যাৰ 'সূৰ্য তিলক' দিয়া অনুষ্ঠানত।

উত্তৰ প্ৰদেশৰ অযোধ্যাত নৱ নিৰ্মিত ৰাম মন্দিৰত আজি ৰাম নৱমী উপলক্ষে সূৰ্য তিলক দিয়া এক অনুষ্ঠান অনুষ্ঠিত হৈছে। সম্পূৰ্ণ বৈজ্ঞানিক চিন্তাৰে দিনৰ ১২ বজাৰ লগে লগে ৰাম মন্দিৰত থকা ৰাম লালাল মূল বিগ্ৰহত সূৰ্যৰ ৰশ্মি পেলাই এই অনুষ্ঠান সম্পন্ন হয়।

কিন্তু নলবাৰীৰ পৰা মোবাইলৰ ফ্লেছ জ্বলাই ৰাম মন্দিৰৰ ৰাম লালাৰ বিগ্ৰহলৈ ৰশ্মি প্ৰেৰণ কৰা কাৰ্য এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নলবাৰীত ভাষণ দি থকাৰ মাজতে ১২ বজাৰ ঠিক আগে আগে উপস্থিত বিজেপিৰ সমৰ্থকসকলক উদ্দেশ্য কৰি কয়, অযোধ্যাৰ লগতে সমগ্ৰ দেশত প্ৰভূ ৰামৰ জন্মোৎসৱ উপলক্ষে বহুত ডাঙৰ উৎসৱ চলি আছে। যদিও আমি অযোধ্যাত উপস্থিত হ'ব নোৱাৰিলো আমিও সেই অনুষ্ঠানৰ অংশীদাৰ হম। ইয়াৰ পৰাই প্ৰভূ ৰামৰ জন্মোৎসৱৰ সূৰ্য তিলক লগোৱা অনুষ্ঠানৰ সৈতে জড়িত হ'বলৈ আপোনালোকেও আপোনালোকৰ মোবাইল ফোন উলিয়াই ফ্লেছ লাইট জলাই দিয়ক। আমি ইয়াৰ পৰাই এই উৎসৱৰ সৈতে চামিল হম। মোবাইলৰ ফ্লেছ লাইটৰ জৰিয়তে আমিও সূৰ্য তিলকলৈ ৰশ্মি প্ৰেৰণ কৰিম।

মোডীৰ এই আহ্বানৰ পাছতে মঞ্চত উপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অগপ সভাপতি অতুল বৰাকে ধৰি সকলো নেতা আৰু মঞ্চৰ সন্মুখত থকা বিজেপি সমৰ্থকসকলে মোবাইল ফোন উলিয়াই ফ্লেছ লাইট জ্বলাই অযোধ্যালৈ নলবাৰীৰ পৰা ৰশ্মি প্ৰেৰণ কৰিলে।

ৰাম নৱমীৰ দিনা ৰাম মন্দিৰত ৰাম লালাৰ বিগ্ৰহ বাহিৰলৈ নুলিওৱাকৈ মন্দিৰৰ ভিতৰতে ৰাম লালাল কপালত দিনৰ ১২ বজাত সূৰ্যৰ ৰশ্মি পৰাকৈ এক বিশেষ বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰা হৈছে। সেই অনুসৰিয়েই আজি দিনৰ ১২ বজাৰ লগে লগে ৰাম লালাৰ মূৰ্তিত সূৰ্যৰ ৰশ্মি পৰে। এই অপৰূপ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ৰাম মন্দিৰত বহু ভক্তৰ সমাগম হয়।

দেশৰ এক শীৰ্ষস্থনীয় প্ৰতিষ্ঠানৰ কেইবাজনো ভাৰতীয় বিজ্ঞানীয়ে তেওঁলোকৰ চিন্তাৰ বলত এক বিশেষ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। এই কৌশলৰ জৰিয়তে সূৰ্যৰ ৰশ্মি দুপৰীয়া ১২ বজাত কেইমিনিটমানৰ বাবে ৰাম লালাৰ মূৰ্তিৰ কপালত 'ফিল্টাৰ' হৈ পৰে। মন্দিৰ কৰ্তৃপক্ষই মূৰ্তিটোৰ কপালত সিঁচৰতি হৈ পৰা ৫.৮ চেমি ৰশ্মিৰ এই ঘটনাক 'সূৰ্য তিলক' বুলি অভিহিত কৰিছে।

এটা বিশেষ যন্ত্ৰৰ দ্বাৰা এই গোটেই বিষয়টো সম্ভৱ হৈ পৰিছে। আয়না আৰু লেন্স ব্যৱহাৰ কৰি এই যন্ত্ৰ ৰাম মন্দিৰৰ ওপৰত এনেধৰণে ৰখা হৈছে যাতে সূৰ্যৰ ৰশ্মি একাধিক আয়নাত বিচ্ছুৰিত হৈ আহি ৰাম লালাৰ কপালত পৰে।

ৰুৰকীৰ কেন্দ্ৰীয় ভৱন গৱেষণা প্ৰতিষ্ঠান চমুকৈ চি বি আৰ আইৰ বিজ্ঞানী আৰু সঞ্চালক প্ৰদীপকুমাৰ ৰামচাৰ্লাই সূৰ্য তিলকৰ আঁৰৰ বিজ্ঞানৰ বিষয়ে ব্যাখ্যা কৰিছে। অপ্টো মেকানিকেল প্ৰণালীত চাৰিখন আয়না আৰু চাৰিখন লেন্স ব্যৱহাৰ কৰা হৈছে।

আয়না আৰু লেন্সবোৰ পাইপৰ ভিতৰত টিল্ট মেকানিজম ব্যৱহাৰ কৰি লগোৱা হৈছে। ইয়াৰ পাইপদাল মন্দিৰৰ ওপৰাংশৰ দৰেই দীঘলীয়া। যেতিয়াই সূৰ্য আহি পাইপৰ মূৰত অৱস্থান কৰে তেতিয়াই সূৰ্যৰ ৰশ্মি পাইপৰ ভিতৰত থকা আইনা আৰু লেন্সৰ জৰিয়তে আহি গৰ্ভগৃহত প্ৰৱেশ কৰে।

পাইপৰ সকলোতকৈ তলত বা শেষত থকা আয়নাখন এইদৰে ৰখা হৈছে যাতে সূৰ্য ৰশ্মি গৰ্ভগৃহত প্ৰবেশ কৰি এটা ফিল্টাৰৰ মাজেৰে আহি ৰাম লালাৰ কপালত সিঁচৰতি হৈ পৰে। ৰামচাৰ্লাই পুনৰ কৈছে যে, প্ৰতি বছৰে ৰাম নৱমীত সূৰ্যতিলকৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফিল্টাৰটো এনেদৰে স্থাপন কৰা হৈছে যাতে সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ 'ৰাম লাল্লা'ৰ কপালত নপৰেহি। ইয়াত ব্যৱহৃত লেন্স আৰু আইনা অতি উচ্চ মানদণ্ডৰ। ইয়াৰ অন্যান্য অংশ, পাইপসমূহ পিতলৰ দ্বাৰা নিৰ্মিত।

এয়াই হৈছে সূৰ্য তিলক। কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে আজি যি আহ্বান কৰিলে আৰু উপস্থিত সকলোৱে যিদৰে মোবাইলৰ ফ্লেছ জ্বলাই ৰশ্মি প্ৰেৰণ কৰিলে এয়া অবৈজ্ঞানিক চিন্তাই নহয়, সূৰ্য তিলকৰ গোটেই বিষয়টোকেই তৰল কৰি পেলালে। নলবাৰীৰ পৰা মোবাইলৰ ফ্লেছ জ্বলাই ৰশ্মি প্ৰেৰণ কৰাৰ এক অকল্পনীয়, অৱাস্তৱ ধাৰণা তেওঁ ৰাজহুৱাকৈ প্ৰতিষ্ঠা কৰিলে।

জানি শুনিও বহুজনে ধৰ্মীয় চিন্তাক অধিক গুৰুত্ব দি বৈজ্ঞানিক মানসিকতাক একাষৰীয়া কৰিলে। ২০২০ ত কোভিড মহামাৰীৰ সময়চোৱাত কাঁহি, বাতি, বজাবলৈ দিয়া আহ্বান আৰু আজিৰ মোবাইলৰ ফ্লেছ জ্বলাই অযোধ্যাৰ ৰাম মন্দিৰৰ সূৰ্য তিলকলৈ ৰশ্মি প্ৰেৰণ কৰাৰ মাজত কোনো প্ৰাৰ্থক্য বিচাৰি পোৱা নাই বিজ্ঞান জনা মানুহখিনিয়ে।

মোবাইলৰ ফ্লেছেৰে নলবাৰীৰ পৰা অযোধ্যালৈ ৰশ্মি প্ৰেৰণ কৰিলে বিজেপিয়ে
নলবাৰীত মোডীঃ উত্তৰ পূৰ্বাঞ্চলক কংগ্ৰেছে দিলে সমস্যা, বিজেপিয়ে ৰূপান্তৰ কৰিলে সম্ভাৱনাৰ উৎসলৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in