/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/f01bfe6b-6561-41b2-953a-2a547a867e1d/russia_22.jpg)
ৰাছিয়াৰ স্থিতিয়ে সমগ্ৰ বিশ্বতে বৃদ্ধি কৰিব খাদ্য সামগ্ৰীৰ মূল্য...
ডিজিটেল ডেস্কঃ ৰাছিয়াৰ স্থিতিয়ে সমগ্ৰ বিশ্বকে বিপদ পেলাব পাৰে। সেই সতৰ্কবাণী কৰিলে ৰাষ্ট্ৰসংঘই। দেশখনে অতি শেহতীয়াকৈ ইউক্ৰেইনৰ খাদ্যসামগ্ৰী ৰপ্তানিত বাধা আৰোপ কৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে।
উল্লেখযোগ্য যে, ইউক্ৰেইনে ৰপ্তানি কৰা খাদ্য, সামগ্ৰী পৰিবাহী কেইবাখনো জাহাজ ৰাছিয়াই জব্দ কৰিছে। ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ যুদ্ধ এতিয়াও অব্যাহত আছে।
সামৰিক যুদ্ধৰ মাজতেই এনেদৰে ইউক্ৰেইনৰ খাদ্য, সামগ্ৰী ৰপ্তানিটো ৰাছিয়াৰ এই আঘাত বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। গ্ল'বেল ফুড চেইনত ৰাছিয়াৰ এই ভূমিকাই ব্যাপক প্ৰভাৱ পেলাব বুলি উল্লেখ কৰি ৰাষ্ট্ৰসংঘই মস্কোক সাগৰীয় পৰিবহণৰ ক্ষেত্ৰত দেশখনে মানিবলগীয়া চুক্তিৰ নিয়ম মানিবলৈ আহ্বান জনাইছে।
Also Read: এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ