এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ

এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ

ডিজিটেল সংবাদ,কাজিৰঙা : কাজিৰঙাৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মহানুভৱতা।দুৰ্ঘটনাত পতিত আৰ্তজনক প্ৰায় ডেৰ ঘণ্টা ধৰি কান্ধত লৈ ৰাখিলে কনিষ্টবলজনে। তেওঁৰ এই মহানুভৱতাৰ শলাগ লৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে

তেওঁ হৈছে কহঁৰা আৰক্ষী চকীৰ যান-বাহন শাখাৰ কনিষ্টবল মৃদুল বড়া ৷ যি সময়ত বিভিন্ন কাৰণত অসম আৰক্ষীৰ বিষয়া-জোৱানসকল দুৰ্নীতি অথবা অপৰাধজনিত কৰ্ম-কাণ্ডৰে জড়িত হয়, সেই সময়ত মৃদুল বৰাই দেখুওৱা কৰ্মই চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে বৃহস্পতিবাৰে নিশা নুমলীগড় তেল শোধনাগাৰৰ পৰা কলকাতালৈ তেল আনিবলৈ গৈছিল NL 01 L 6595 নম্বৰৰ টেংকাৰখনে। কিন্তু দুৰ্ভাগ্যৱশত কঁহৰা আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাজানত পথৰ কাষৰ এজোপা গছত প্রচণ্ড জোৰে বাহনখনে খুন্দা মাৰিছিল।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত গছ আৰু গাড়ীখনৰ মাজত চেপা খাই ৰয় চালক বিপুল বৰা। কঁহৰা আৰক্ষী আৰু স্থানীয় লোকে প্ৰায় ২ঘন্টা জোৰা চেষ্টাৰ পাচত এখন কেৰেঙ গাড়ীৰ সহায়ত বিপুল বৰাক উদ্ধাৰ কৰা হয়।

চালক বিপুল বৰাক উদ্ধাৰ কৰি বোকাখাত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে চালকজন মৃত বুলি ঘোষণা কৰে ৷ কঁহৰা আৰক্ষীৰ যান-বাহন শাখাৰ কনিষ্টবল মৃদুল বড়াই ডেৰ ঘণ্টা ধৰি নিজৰ কান্ধত গাড়ীৰ চেপাত ওলমি থকা মৃত বিপুল বৰাৰ দেহাটো লৈ থিয় হৈ থাকে।

বিপুল বৰাৰ তেজেৰে ৰাঙলী হৈ পৰে মৃদুল বড়াৰ বগা চোলা। ইয়াৰ দ্বাৰাই প্ৰমাণ হয় যে আজিও নিষ্ঠা আৰু সততাৰে নিজৰ দ্বায়িত্ব পালন কৰি আহিছে একাংশ আৰক্ষীয়ে ৷ আৰক্ষী সঞ্চালক প্ৰধানক ধন্যবাদ জনোৱাৰ লগতে মৃদুল বড়াৰ প্ৰতিজন আৰক্ষীলৈ আহ্বান যে,আৰ্তজনৰ কাষত সদায় আৰক্ষী থিয় হ'ব লাগে ৷ সকলো আৰক্ষীকে নিজৰ কৰ্ম সুচাৰুৰূপে পালন যোৱাৰ বাবে তেওঁ অনুৰোধ জনায় ৷

এগৰাকী আৰক্ষীৰ মহানুভৱতা : নিজৰ কান্ধত ওলমাই ৰাখিলে দুৰ্ঘটনাত পতিত মৃতদেহ
বিগত ৫ বছৰত লক্ষাধিক মহিলাক ধৰ্ষণ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in