/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/dc532764-b839-4739-b418-1e34981a064c/putin.jpg)
ডিজিটেল ডেস্ক : ২৪ ফেব্ৰুৱাৰীত এটা বছৰ সম্পূৰ্ণ কৰিব ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধই । কিন্তু স্তব্ধ হোৱা নাই ৰাছিয়া । এই যুদ্ধ অব্যাহত থকাৰ মাজতেই মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন উপস্থিত হৈছিল ইউক্ৰেইনৰ ৰাজধানী কিয়েভত । ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিৰ লগত আলোচনাত মিলিত হোৱাৰ কেইঘন্টামানৰ পিচতে আকৌ একপ্ৰকাৰে বিশ্বযুদ্ধৰ হুংকাৰ দিলে পুটিলে ।
জ' বাইডেনে ইউক্ৰেইনত উপস্থিত হোৱা ঘটনাত ক্ষুণ্ণ হৈ আমেৰিকাৰ সৈতে থকা পাৰমাণৱিক অস্ত্ৰ নিৰস্ত্ৰীকৰণৰ চুক্তি একপ্ৰকাৰে বাতিল কৰা বুলি ঘোষণা কৰে পুটিনে । পাৰমাণৱিক বোমা, ক্ষেপনাস্ত্ৰ আদিৰ নিৰ্মাণ আৰু পৰীক্ষা হ্ৰাস কৰাৰ বাবে আমেৰিকা আৰু ৰাছিয়াৰ শেহতীয়াকৈ 'নিউ ষ্টাৰ্ট' চুক্তিখনৰ পৰা ৰাছিয়া আঁতৰি অহাৰ লগে লগে ৰাছিয়াৰ নেতিবাচক অৱস্থানে পৰমাণু যুদ্ধৰ আশংকা বৃদ্ধি কৰা বুলি বিভিন্ন মহলে মন্তব্য কৰিছে ।
এতিয়া প্ৰশ্ন হয় যে, দুখনকৈ বিশ্বযুদ্ধৰ পৰা মানৱ সমাজে কি শিকিলে ? ৰাজনীতিবিদসকলে নিজৰ স্বাৰ্থ পূৰণৰ বাবে মিছা মাতিব পাৰে কিন্তু মিছা নকয় ইতিহাসে । লাখ লাখ লোকৰ মৃত্যুৰ কাৰণ দুখনকৈ বিশ্বযুদ্ধ, তাৰ পাছতো যুদ্ধ পিয়াসী মানুহৰ মন । তেন্তে কেৰোণ আমাৰ মাজতেই...
আৰু পঢ়ক : ম্যানমাৰ সীমান্তৰ টুৱেনচাঙৰ নিৰ্বাচনী সভাত গৃহমন্ত্ৰী অমিত শ্বাহ...