/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/92c0b977-d667-4e80-9d54-8c8bccbd8b16/amit_shahh.jpg)
ডিজিটেল সংবাদ, বেকাজান : নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ পিছতেই ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেচনৰে কেন্দ্ৰই চুক্তি স্বাক্ষৰ কৰিব । মঙলবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণ সূচীৰে নাগালেণ্ডলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে ইণ্ডো-ম্যানমাৰ সীমান্তৰ টুৱেনছাং সদৰৰ নিৰ্বাচনী ৰেলীত অংশলৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চুক্তি স্বাক্ষৰ কৰাৰ লগে লগেই ইষ্টাৰ্ণ নাগালেণ্ডৰ বিকাশ আৰু উন্নয়ন সুনিশ্চিত হ’ব বুলি তেওঁৰ বিশ্বাস ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5c56a85e-b138-42fb-b3d2-00812602eaae/WhatsApp_Image_2023_02_22_at_7_14_15_AM.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰু কয়, "নগালেণ্ডৰ জনসাধাৰণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ওপৰত অপৰিসীম বিশ্বাস আছে। কিয়নো এন ডি এৰ শাসনকালত তেওঁলোকে অভূতপূৰ্ব শান্তি আৰু প্ৰগতিৰ সাক্ষী হৈ আহিছে।" নাগালেণ্ডবাসীৰ আকাংক্ষা পূৰণ নোহোৱালৈকে বিজেপি কেতিয়াও পিছুৱাই নাযায় বুলি আশ্বাস দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5d7a1ed9-01db-4a82-8312-b12006b867e7/WhatsApp_Image_2023_02_22_at_7_14_16_AM__2_.jpeg)
মঙলবাৰে অমিত শ্বাহে ঘোষণা কৰে যে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন শেষ হ’লেই ইষ্টাৰ্ণ নাগালেণ্ড পিপলছ অৰ্গেনাইজেশ্যনৰ সৈতে কেন্দ্ৰই চুক্তি স্বাক্ষৰ কৰিব। বিজেপি আৰু এনডিপিপিৰ প্ৰাৰ্থীৰ সমৰ্থনত টুয়েছাঙত এক বৃহৎ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি শ্বাহে কয় "নিৰ্বাচনৰ পূৰ্বে এনপিঅ’ই নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। কাৰণ ইষ্টাৰ্ণ নাগালেণ্ডত বহু সমস্যা আছে । এই সমস্যাৰ সমাধান আৰু অঞ্চলটোৰ উন্নয়ন বাবে তেওঁলোকৰ দাবী ন্যায় সংগত । ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গেনাইজেচনৰে সৈতে গৃহ মন্ত্ৰালয়ৰ ইতিবাচক আলোচনা সম্পন্ন হৈছে আৰু আমি একমত স্থিতিত উপনীত হৈছো । কিন্তু নিৰ্বাচনৰ বাবে আৰ্হি আচৰণ বিধিৰ বাবে আমি ইয়াক বাস্তৱৰ ৰূপ দিব পৰা নাই । মই প্ৰতিশ্ৰুতি দিছো যে নিৰ্বাচন শেষ হোৱাৰ পিছত গৃহ মন্ত্ৰালয়ে এনপিঅ’ৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে চুক্তিত স্বাক্ষৰ কৰিব।"
অমিত শ্বাহে আৰু কয় লগতে কয় যে চুক্তি স্বাক্ষৰ কৰাৰ পিছতে নাগালেণ্ডৰ পূব অংশৰ অগ্ৰগতি আৰু উন্নয়ন নিশ্চিত হ’ব বুলি তেওঁৰ বিশ্বাস। এই চুক্তিয়ে পূব নাগালেণ্ডত ব্যাপক অগ্ৰগতি আৰু উন্নয়নৰ সূচনা কৰিব। সকলোৱে নিজৰ সম অধিকাৰ পাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণৰ সময়ত নগা বিষয়টোৰ ওপৰতো কয় আৰু ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰাৰ পিছত ৰাজ্যখনৰ পৰিস্থিতি সলনি হৈছে । শ্বাহে কয়, "মই আপোনালোক সকলোকে নাগালেণ্ডৰ কথা সোঁৱৰাই দিব বিচাৰো । ২০১৪ চনৰ পূৰ্বে নাগালেণ্ডত ৰক্তপাত, গুলীচালনাৰ কাণ্ড, বোমা বিস্ফোৰণ, বিদ্ৰোহৰ দৰে ঘটনা সংঘটিত হৈছিল। কিন্তু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নগা শান্তি চুক্তিত স্বাক্ষৰ কৰি নগা শান্তি আলোচনা আগবঢ়াই নিছে যাৰ মঙলবাৰে উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত নাগালেণ্ড আগবাঢ়িছে।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b5f699d7-b274-4c7b-95b8-00e764112594/WhatsApp_Image_2023_02_22_at_7_14_16_AM__1_.jpeg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3b71f485-faa5-446d-ba37-fa9b0932b526/WhatsApp_Image_2023_02_22_at_7_14_16_AM.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে দৃঢ়তাৰে কয় যে শান্তি আলোচনা সফল হ’ব আৰু কেন্দ্ৰই “নগা সংস্কৃতি, ভাষা, সাজ-পোছাক, আৰু নগা ইতিহাসক স্বীকৃতি দি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ব।" উল্লেখযোগ্য যে টুৱেনচাঙৰ সদৰ সমষ্টি অনুষ্ঠিত নিৰ্বাচনী সভাত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী য়ানথাংগু পেট্টনকে বিজেপিৰ কেইবাগৰাকী শীৰ্ষনেতাই অংশগ্ৰহণ কৰে।
আৰু পঢ়ক : প্ৰতিজোপা গছ,অতিথিশালাত আৰি দিছে পৰিৱেশ তথা প্লাষ্টিক বিৰোধী সজাগতা বাণী...