ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্তঃ ৬৫ ইউক্ৰেইনৰ যুদ্ধ বন্দীসহ ৭৪ জনৰ মৃত্যু

ৰাছিয়াৰ সামৰিক বিমান ইল্যুচিন-৭৬ দুৰ্ঘটনাগ্ৰস্ত। বুধবাৰে বেলগ’ৰ’ডৰ এয়াৰফিল্ডলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্তঃ ৬৫ ইউক্ৰেইনৰ যুদ্ধ বন্দীসহ ৭৪ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সামৰিক বিমান ইল্যুচিন-৭৬ দুৰ্ঘটনাগ্ৰস্ত। বুধবাৰে বেলগ’ৰ’ডৰ এয়াৰফিল্ডলৈ ওভতাৰ সময়তে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ৰাছিয়া প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে এই বিমানখনত বেলগোৰেড সীমান্তত দুৰ্ঘটনাতপতিত হয়। এই শোকাবহ দুৰ্ঘটনাত ৬৫ জন ইউক্ৰেইনৰ যুদ্ধবন্দীসহ মুঠ ৭৪ জনৰ মৃত্য়ু হয়।

Advertisment

মন্ত্ৰালয়ে কয় যে বিমানখনে ৬৫ জন ইউক্ৰেইনৰ যুদ্ধ বন্দীক কঢ়িয়াই লৈ গৈছিল। এইসকল বন্দীক সাল-সলনি কৰাৰ কথা আছিল। বিমানখনত চালকৰ ৬ জনীয়া দলৰ লগতে অন্য ৩ জন লোক আছিল। বাহনখনত থকা ৭৪ জনৰেই ইতিমধ্যে মৃত্যু হৈছে।

প্ৰথম অৱস্থাত বিমানখনত প্ৰচণ্ড শব্দ হৈ জুইয়ে আবৰি পেলায়। বৰ্তমান ঘটনাস্থলীত বিমান টুকুৰাসমূহ সিঁচৰিত হৈ পৰি আছে।

সূত্ৰ অনুসৰিৰাছিয়া আৰু ইউক্ৰেইনে আজি ১৯২-১৯২ জন বন্দী সাল-সলনি কৰিব লগা আছিল। দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া সৰ্ববৃহৎ বন্দী বিনিময়ৰ আছিল। সংযুক্ত আৰৱ আমিৰাতৰ দ্বাৰা কৰা চুক্তিত দুয়োফালৰ পৰা 200 ৰো অধিক নাগৰিক বিনিময় কৰিব লাগিছিল।

Also Read: কংগ্ৰেছৰ আশাত যৱনিকা!

russia ukraine