কংগ্ৰেছৰ আশাত যৱনিকা!

কংগ্ৰেছৰ আশাত যৱনিকা!

অ-ৰাজনৈতিক সংগঠনেই হওক বা ৰাজনৈতিক দলেই হওক ৰাজনীতি সকলোতে থাকে। কিন্তু নিৰ্বাচনী ৰাজনীতিৰ জড়িত ৰাজনৈতিক দলৰ মূল লক্ষ্যই হ'ল ক্ষমতা দখলৰ ৰাজনীতি। কিয়নো এনে দলৰ নেতৃত্বৰ বাবে শাসন ক্ষমতাহীন ৰাজনীতি ঠাৰি চিঙা বেঙেনাৰ নিচিনা।

কিন্তু যি কোনো এটা ৰাজনৈতিক দলৰ বাবে ক্ষমতাই সৰ্বোচ্চ। কেইবাদশক ধৰি কংগ্ৰেছে কৰি থকা শাসনক ওফৰাই বিজেপি আহিছিল শাসনলৈ। কংগ্ৰেছৰ শাসনত জনতা হৈ পৰিছিল অসন্তুষ্ট। ২০১৪ চনৰ পৰা কেন্দ্ৰত বিজেপি অধিষ্ঠিত।

অস্বাভাৱিকভাৱে বিজেপি বিগত সময়ত শক্তিশালী হৈ পৰিছিল আনহাতে বিৰোধী দল কংগ্ৰেছ হৈ পৰিছিল দুৰ্বল। বিজেপিৰ নুই কৰিব নোৱাৰা ৰণনীতিৰ ওপৰত যিকোনো এটা বিৰোধী দলেই তিষ্টি থকাতো যেন অসম্ভৱ হৈ পৰিছিল।

দেশৰ ৰাজনীতিৰ প্ৰেক্ষাপটত বহু সাল-সলনি হ'ল। বিজেপিয়ে এখনৰ পাছত আন এখন ৰাজ্য নিজৰ শাসনলৈ অনাৰ চেষ্টা কৰি আহিলে। জনতাই নিবিচাৰিলেও মিত্ৰজোঁট গঠন কৰি হ'লেও বিজেপিয়ে শাসনৰ বাঘজৰী ধৰি ৰখাৰ চেষ্টা কৰিলে।

এই সময়খিনিত কংগ্ৰেছ হৈ পৰিল দুৰ্বল। আন ৰাজ্যৰ দলসমূহৰো অৱস্থা বৰ বেছি ভাল নহয়। এইবোৰৰ মাজতেই তৃণমূল কংগ্ৰেছ আৰু আপৰ বিৰুদ্ধে বিজেপিৰ যুঁজখন সহজ হৈ উঠা নাই। যাৰ বাবে পশ্চিম বংগ,পঞ্জাৱ আৰু দিল্লীত খোপনি পুতিবলৈ সক্ষম হোৱা নাই বিজেপি।

বিজেপিক শাসনৰ পৰা নমাবলৈ কংগ্ৰেছে অহৰহ চেষ্টা কৰি আছে। কিন্তু এয়া যে অকলে সম্ভৱ নহয় সেয়া জানি গঠন কৰিলে 'ইণ্ডিয়া' নামৰ বিৰোধী মৰ্চা। আপৰ পৰা আৰম্ভ কৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছলৈ এই সকলো দলেই আছিল এই মৰ্চাত।

'ইণ্ডিয়া'ৰ ইতিমধ্যে কেইবাখনো বৈঠক সম্পন্ন হৈছে। কিন্তু আসন ভাগ-বতৰাক লৈ দলসমূহৰ মাজত থকা মতানৈক্য এতিয়ালৈকে ঠিক হোৱা নাই। কংগ্ৰেছে এই সময়চোৱাত আশা কৰিছিল বিজেপিক পৰাজয় কৰাৰ।

বিগত লোকসভা নিৰ্বাচনত বিজেপিৰ ভোটৰ শতাংশৰ হাৰ আছিল ৩৭.৭৬ শতাংশ আৰু এনডিএৰ শতাংশ আছিল ৪৫ শতাংশ। ২০১৪ চনৰ নিৰ্বাচনতকৈ বিজেপিৰ ভোটৰ হাৰ বৃদ্ধি পাইছিল যদিও এয়া সন্তুষ্টজনক নাছিল।

গতিকে বিৰোধিয়ে ভাবিছিল যে একেলগে নিৰ্বাচন খেলিলে বিজেপ পৰাজয় হ'ব। কিন্তু সেই আশাত চেচাপানী ঢালিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে- কংগ্ৰেছৰ লগত তৃণমূল কংগ্ৰছৰ কোনো সম্পৰ্ক নাই। পশ্চিমবংগত অকলে নিৰ্বাচন খেলিব দিদিয়ে।

কংগ্ৰেছৰ ওপৰত দিদিৰ অসন্তুষ্টিৰ কাৰণ হ'ল আসন। পশ্চিবংগত লোকসভাৰ ৪২ খন আসন আছে। ইয়াৰে ১০ ৰ পৰা ১২ খন আসন কংগ্ৰেছে দাবী কৰিছিল যদিও দিদিয়ে মাত্ৰ ২ খন আসন এৰি দিয়াৰ প্ৰস্তাৱ দিছিল। কংগ্ৰেছ এই প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ লগে লগে দিদিয়ে 'একলা চলো'ৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দিদিৰ পিছ লৈছে যেন আম আদমী পাৰ্টীয়েও। পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱান মানে ঘোষণা কৰিছে যে পঞ্জাৱত থকা ১৩ খন লোকসভা আসনত অকেলই নিৰ্বাচন খেলিব আপে। ইতিমধ্যে ৪০ জন নেতা তালিকাভুক্ত কৰা হৈছে আৰু ইয়াৰ পৰাই বাছনি হ'ব প্ৰাৰ্থী।

এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বেও কংগ্ৰেছ আৰু আপৰ সম্পৰ্ক ভাল নাছিল। সময়ে সময়ে দুয়োটা দলৰ মাজত মতানৈক্য চলি আছিল। পঞ্জাৱৰ আসনকলৈও চলিছিল বিবাদ। আনকি এটা দিনতেই ওচৰা-ওচৰিকৈ কংগ্ৰেছ আৰু আপে জনসভা অনুষ্ঠিত কৰি বিভেদৰ প্ৰমাণ দিছিল।

দুটাকৈ শক্তিশালী দল ওলাই যোৱাৰ পাছত যেন এতিয়া আৰু দুৰ্বল হৈ পৰিব কংগ্ৰেছ। শাসনাধিষ্ঠ বিজেপিয়ে কৈছিল যে লোকসভা নিৰ্বাচনৰ পূৰ্বে ভংগ হ'ব ইণ্ডিয়া মৰ্চা। এই কথা যেন এতিয়া সঁচা হোৱাৰ পথত।

ইংগিত আগৰ পৰাই পাইছিল জনতাই। বিৰোধী মৰ্চাৰ ওপৰত জন্মা সন্দেহ যেন এতিয়া ল'ব চূড়ান্ত ৰূপ। লোসভা নিৰ্বাচনৰ পূৰ্বে অস্তিত্ব নোহোৱাৰ দিশে বিৰোধী মৰ্চা।

যদিহে আসন ভাগ-বতৰা কৰাৰ ক্ষেত্ৰত বিৰোধী সফল হয় তথাপিও কিন্তু সমস্যাই লগ নেৰে। প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নিৰ্বাচন আন এক সমস্যা হৈ পৰিব। কিয়নো ইণ্ডিয়াত আছে এনে বহু কেইগৰাকী নেতা যিয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন দেখি আহিছে। তাৰ ভিতৰত-নীতিশ কুমাৰ, মমতা বেনাৰ্জী আদি।

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়খিনিত বিৰোধী শক্তিশালী হোৱাৰ প্ৰয়োজন আছিল। তাৰ বিপৰীতে বিৰোধী এতিয়া দুৰ্বল হৈ পৰিছে।

ইয়াৰ সুযোগ বাৰুকৈয়ে ল'ব বিজেপিয়ে। ইতিমধ্যে বিগত বিধানসভা নিৰ্বাচনৰ ফলাফলে সামান্য পৰিমাণে স্পষ্ট কৰি দিছিল যে বিজেপিৰ হাততেই থাকিব বাঘজৰী। কিন্তু আশা আছিল এখন তীব্ৰ যুঁজৰ।

ভৱা হৈছিল বিজেপিৰ বাবে বিৰোধী প্ৰত্যাহ্বান হৈ পৰিব। কিন্তু সেই আশাতো যেন এতিয়া যতি পৰিল। শক্তিশালী বিজেপিক পৰাস্ত কৰাৰ ক্ষেত্ৰত যি ৰণনীতি ল'ব লাগিছিল সেয়া ল'ব নোৱাৰি এতিয়া শলঠেগত পৰিছে 'ইণ্ডিয়া'।

যদি পৰিস্থিতি এনে হৈয়ে থাকে তেন্তে 'দিদি' পশ্চিম বংগতে সন্তুষ্ট হৈ থকাৰ লগতে আপেও বৰ বিশেষ আশা কৰা ভুল হ'ব। এই সকলোবোৰৰ মাজত কংগ্ৰেছ অকলশৰীয়া হৈ ৰ'ব। হয়তো অপেক্ষা কৰিব লাগিব আৰু অধিক ৫ বছৰৰ...

কংগ্ৰেছৰ আশাত যৱনিকা!
ৰাজপথৰে যোৱা যাত্ৰাক লৈ গ'ল মানুহৰ মাজলৈ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in