ভয়ংকৰ পথ দুৰ্ঘটনাত ২৯ জনৰ মৃত্যুঃ ১৯ জন আহত...

ভয়ংকৰ পথ দুৰ্ঘটনাত ২৯ জনৰ মৃত্যুঃ ১৯ জন আহত...

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাত ২৯ জনৰ মৃত্যুঃ ১৯ জন আহত...

ভয়ংকৰ পথ দুৰ্ঘটনাত ২৯ জনৰ মৃত্যুঃ ১৯ জন আহত...

ডিজিটেল ডেস্কঃ বুধবাৰে মেক্সিকোত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৯ জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, দক্ষিণ মেক্সিকোত এখন বাছ এটা খাৱৈত বাগৰি পৰাৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

Advertisment

অতি দুৰ্গম অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতে উদ্ধাৰ অভিযান চলে। বাছখনৰ আটাইকেইজন যাত্ৰী শ্ৰমিক আছিল বুলি অনুমান কৰা হৈছে। তেওঁলোকে চহৰত কাম শেষ কৰি গাঁৱলৈ উভতিছিল।  

মেক্সিকো চহৰৰ পৰা যাত্ৰা আৰম্ভ কৰা বাছখনৰ লক্ষ্যস্থান আছিল মিক্সটেকা। লক্ষ্যস্থান পোৱাৰ পূৰ্বেই এই বাছখন পুৱা প্ৰায় ৬-৩০ বজাত দুৰ্ঘটনাত পতিত হয়।

টেক্সিয়া চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ আহত ১৯ জনৰ ভিতৰত ১৪ জন লোকক চহৰখনৰে হাস্পতালত ভৰ্তি কৰোৱাৰ লগতে আন ৫ জনক বিমানেৰে আক্সাকা চহৰলৈ প্ৰেৰণ কৰা হয়।  

উল্লেখ্য যে ইয়াৰ পূৰ্বে চলিত বছৰত মক্সিকোত আন এক পথ দুৰ্ঘটনাত ১৮ জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল।  

Also Read: ইগৰ ষ্টিমাকৰ আঙুলিত ধৰি আগবাঢ়িছে ভাৰতীয় ফুটবল...

পথ দুৰ্ঘটনা