ভয়ংকৰ পথ দুৰ্ঘটনাঃ ২০ জনৰ মৃত্যু, ২৯ জন আহত...

ভয়ংকৰ পথ দুৰ্ঘটনাঃ ২০ জনৰ মৃত্যু, ২৯ জন আহত...

author-image
Asomiya Pratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনাঃ ২০ জনৰ মৃত্যু, ২৯ জন আহত...

ভয়ংকৰ পথ দুৰ্ঘটনাঃ ২০ জনৰ মৃত্যু, ২৯ জন আহত...

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল ২০ জন যাত্ৰীৰ। আনহাতে আহত হৈছে আন ২৯ জন। এখন বাছ দলঙৰ পৰা তললৈ পৰি যোৱাৰ ফলতেই এই কৰুণ ঘটনা সংঘটিত হয়।

Advertisment

বাছখন দলঙৰ পৰা পৰি যোৱাৰ পাছতে অগ্নি সংযোগ হয় আৰু সেই সময়ত বাছখনত যাত্ৰীসকল আৱদ্ধ হৈ পৰে। ফলত বাছখনত থকা যাত্ৰীসকলো জীৱন্ত অগ্নীদগ্ধ হৈ পৰে।

এই কৰুণ ঘটনা সংঘটিত হৈছে হজযাত্ৰীৰ লগত। হজৰ বাবে ছৌদি আৰবলৈ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকৰ আগমণ ঘটিছে। এই লোকসকলক সীমান্তৰ কাষেৰে বাছত লৈ যোৱাৰ সময়তে এই কৰুণ ঘটনা সংঘটিত হৈছে।

বিশেষকৈ ৰমজানৰ প্ৰথম সপ্তাহতে সংঘটিত হোৱা এই কৰুণ ঘটনাই বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত শোকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মৃতকৰ তালিকাত বিভিন্ন দেশৰ হজ যাত্ৰীৰ নাম আছে।

বহু কেইজন হজ যাত্ৰী জীৱন্ত অগ্নিদগ্ধ হৈ পৰাৰ ফলত তেওঁলোকক চিনাক্ত কৰাটো কঠিন হৈ পৰিছে। তাৰ মাজতো মৃতকক চিনাক্তকৰণৰ প্ৰক্ৰিয়া অব্যাহত আছে।

উল্লেখ্য যে, ২০১৯ তো হজলৈ যোৱা যাত্ৰীৰ মদিনাৰ কাষত সংঘটিত হোৱা এক দুৰ্ঘটনাত মৃত্যু হৈছিল। ২০১৯ ৰ অক্টোবৰত ৩৫ গৰাকী বিদেশী লোকক কঢ়িয়াই নিয়া এখন বাহনে আন এখন বাহনৰ সৈতে সংঘৰ্ষ হোৱাত প্ৰাণ হেৰুৱাইছিল।

Also Read: স্থিতপ্ৰজ্ঞ ৰাহুলঃ বিনম্ৰতাৰে মানি ল'লে ঘৰ খালী কৰাৰ নিৰ্দেশ...

পথ দুৰ্ঘটনা