স্থিতপ্ৰজ্ঞ ৰাহুলঃ বিনম্ৰতাৰে মানি ল'লে ঘৰ খালী কৰাৰ নিৰ্দেশ...

স্থিতপ্ৰজ্ঞ ৰাহুলঃ বিনম্ৰতাৰে মানি ল'লে ঘৰ খালী কৰাৰ নিৰ্দেশ...

author-image
Asomiya Pratidin
New Update
স্থিতপ্ৰজ্ঞ ৰাহুলঃ বিনম্ৰতাৰে মানি ল'লে ঘৰ খালী কৰাৰ নিৰ্দেশ...

স্থিতপ্ৰজ্ঞ ৰাহুলঃ বিনম্ৰতাৰে মানি ল'লে ঘৰ খালী কৰাৰ নিৰ্দেশ...

ডিজিটেল ডেস্কঃ শাসকীয় পক্ষৰ কোনো ষড়যন্ত্ৰই যেন তলাব নোৱাৰে ৰাহুল গান্ধীক!  সাংসদ পদ হেৰুওৱাৰ পাছত ৰাহুলে হেৰুৱাব সাংসদ হিচাপে লাভ কৰা চৰকাৰী বাসগৃহ।

Advertisment

ইতিমধ্যে ঘৰ খালী কৰিবলৈ ৰাহুললৈ নিৰ্দেশ জাৰি কৰিছে। সেই নিৰ্দেশকো মানি লৈছে ৰাহুলে। ঘৰ খালী কৰাৰ নিৰ্দেশৰ জানীনৰ উত্তৰ দি ৰাহুলে ক'লে ৪ বাৰৰ সাংসদ হিচাপে লাভ কৰা এই ঘৰটোৰ সৈতে বহু মধুৰ স্মৃতি জড়িত হৈ আছে। মই আপোনাৰ চিঠিৰ প্ৰতিটো কথাই মানি চলিম।

দিল্লীৰ ১২ তুঘলক পথৰ ঘৰ খালী কৰাৰ বাবে ৰাহুল গান্ধীয়ে জাননী লাভ কৰিছে। তেওঁ ইতিমধ্যে হেৰুৱাইছে সাংসদ পদো। ২০১৯ চনত মোডী উপাধিক কেন্দ্ৰ কৰি কৰা এক মন্তব্যৰ বাবে চুৰাট সত্ৰ ন্যায়াধীশে ৰাহুলক ২ বছৰৰ কাৰাদণ্ড আৰু ১৫ হাজাৰ টকাৰ জৰিমণাৰে দণ্ডিত কৰাৰ লগতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সাংসদ পদ খাৰিজ কৰিছে।  

জনপ্ৰতিনিধি আইন ১৯৫২ অনুসৰি কোনো প্ৰতিনিধিয়ে যদি ২ বছৰ বা তাতোধিক সময় কাৰাগাৰত থাকিবলগীয়া হয় তেন্তে তেওঁৰ পদ খাৰিজ হোৱাৰ লগতে পৰৱৰ্তী ৬ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰে। চুৰাট ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চ বা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ ৰাহুলে এমাহ সময় পাইছিল যদিও লোকসভাৰ অধ্যক্ষই সেই সুযোগ প্ৰদান নকৰি তেওঁৰ সাংসদ পদ খাৰিজ কৰে।

যাৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ লগতে বিতৰ্কৰ সূত্ৰপাত হৈছে। তাৰ মাজতে ঘৰ খালী কৰিবলৈ নিৰ্দেশনা দি যি পত্ৰ ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা হৈছিল সেই পত্ৰৰ উত্তৰত ৰাহুল গান্ধীয়ে অতি বিনম্ৰতাৰে ক'লে- "লোকসভাৰ চাৰিবাৰৰ নিৰ্বাচিত সদস্য হিচাপে মই ইয়াত অতিবাহিত কৰা মধুৰ সময়ৰ স্মৃতিৰ বাবে জনমতৰ অভিমতৰ ওচৰত বাধিত। মোৰ অধিকাৰৰ প্ৰতি কুসংস্কাৰ অবিহনে, মই আপোনাৰ পত্ৰত সন্নিবিষ্ট প্ৰতিটো কথাই মানি চলিম।'

Also Read: হতাশাত ভূগিছে মোডী ! নিজ দলৰে সাংসদৰ দলক নিদিলে সাক্ষাৎ...

ৰাাহুল গান্ধী